ডিফুৰ বিশিষ্ট নাগৰিক আব্দুল মন্নানৰ মৃত্যু, কাৰ্বি পৰিষদৰ অধ্যক্ষ-ই এম ৰতনৰ শোক প্ৰকাশ

ডিফুঃ কাৰ্বি আংলং জিলাৰ ডিফুৰ বিশিষ্ট সমাজকৰ্মী, ব্যৱসায়ী আব্দুল মন্নানৰ মৃত্যু হয়৷ ডিফু ধৰমনালা পথৰ নিজ বাসভৱনত দেওবাৰে পুৱা মৃত্যুক আকোৱালি লয় বিশিষ্ট নাগৰিকগৰাকীয়ে৷ তেওৰ মৃত্যুৰ খবৰ প্ৰচাৰৰ পিছতে গুনমুগ্ধৰে তেওৰ ঘৰ ভৰি পৰে৷ মৃত্যুৰ আগমুহূৰ্তলৈকে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ আছিল আব্দুল মন্নানে৷

৯০ বছৰ বয়সত বাৰ্ধক্যজনিত কাৰণত মৃত্যুক আকোৱালি লোৱা বিশিষ্ট নাগৰিকগৰাকীয়ে ডিফু মছজিদ সমিতিৰ সভাপতি হৈ আছিল মৃত্যুৰ আগমুহূৰ্তলৈ৷ প্ৰথম শ্ৰেণীৰ ঠিকাদাৰৰ লগতে বিভিন্ন শিক্ষানুষ্ঠান, অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত আছিল৷

মৃত্যুৰ সময়ত পত্নী, পুত্ৰ কণ্যা, বোৱাৰী নাতি ইহ সংহাৰত এৰি থৈ যায়৷ দেওবাৰে আছৰৰ নামাজৰ শেষত তেওঁৰ জানাজা সম্পন্ন কৰা হ'ব৷ কাৰ্বি পৰিষদৰ অধ্যক্ষ হৰেণ চিং বে', ই এম ৰতন টেৰণ, ডিফু মছজিদ সমিতিৰ সাধাৰণ সম্পাদক, মজাহাৰুল ইছলামৰ লগতে দল-সংগঠনে শোক প্ৰকাশ কৰি তেওঁৰ মৃত্যু ডিফুৰ সমাজ খনৰ বাবে এক ক্ষতি বুলি কয়৷