
newsnextone.com | নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়াৰ পাৰ্শ্ববৰ্তী হাতীচোং মৌজাৰ অন্তৰ্গত ভালুকমাৰী নিবাসী বিশিষ্ট সমাজকৰ্মী, হস্ততাত আৰু বস্ত্ৰশিল্প বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী তথা নগাঁৱৰ জেষ্ঠ সাংবাদিক জয়ন্ত বৰদলৈৰ পিতৃ ভদ্ৰকান্ত বৰদলৈৰ বৃহস্পতিবাৰে পুৱা ৬ বজাত নিজা বাস ভৱনত দেহাৱসান ঘটে। বাৰ্ধক্যজনীত কাৰণত বিয়োগ ঘটা বৰদলৈৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৮৩ বছৰ।
উল্লেখ্য যে, ১৯৩৫ চনত ভালুকমাৰী গাঁৱত জন্মগ্ৰহণ কৰা বৰদলৈয়ে প্ৰাথমিক আৰু হাইস্কুলীয়া শিক্ষা সুখ্যাতিৰে সমাপ্ত কৰাৰ পিছত ৰাজ্য চৰকাৰৰ হস্ততাত আৰু বস্ত্ৰশিল্প বিভাগৰ কৰ্মচাৰী হিচাপে যোগদান কৰে। নগাঁও, মৰিগাঁও, লখিমপুৰকে ধৰি ৰাজ্যখনৰ বিভিন্ন জিলাত এগৰাকী দায়িত্বশীল কৰ্মচাৰী হিচাপে কৰ্ম সম্পাদন কৰি বৰদলৈয়ে ১৯৯৪ চনত চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে।
সৎ,অমায়িক আৰু সদা হাস্যময়ী বৰদলৈ এজন আদৰ্শ কৃষক হিচাপেও অঞ্চলত সু-পৰিচিত আছিল। তদুপৰি তেওঁ স্থানীয় অঞ্চলৰ বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত ওতঃপোতভাবে জড়িত থকাৰ লগতে ভালুকমাৰী বৰনামঘৰৰ এসময়ত উপ-সভাপতিৰ দৰে গুৰু দায়িত্ব সুচাৰুৰূপে পালন কৰিছিল ৷ তেওঁৰ মৃত্যুৰ বাতৰি সৰ্বতে বিয়পি পৰাৰ লগে লগে অঞ্চলবাসী ৰাইজ ব্যক্তিজনৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ নশ্বৰদেহত পুষ্পাঞ্জলি অৰ্পণ কৰি শেষ শ্ৰদ্ধা নিবেদন কৰে।
মৃত্যুৰ সময়ত তেওঁ পত্নী, দুজন পুত্ৰ, এগৰাকী কন্যা সহিতে বহু ইষ্ট কুটুম্বক ইহসংসাৰত এৰি থৈ যায়। বিশিষ্ট সমাজকৰ্মী তথা ধৰ্মপ্ৰাণ ব্যক্তিগৰাকীৰ মৃত্যুত বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে শোকপ্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনাইছে ৷