নৌ-সেনাত কৰ্মৰত অসমৰ যুৱকৰ বিশাখাপট্টনমত ৰহস্যজনক মৃত্যু

newsnextone.com | গোৰেশ্বৰঃ বাক্সা জিলাৰ গোৰেশ্বৰৰ এগৰাকী ভাৰতীয় নৌ-সেনাত কৰ্মৰত এগৰাকী মেধাবী যুৱকৰ ৰহস্যজনক মৃত্যু হোৱাত ম্ৰিয়মান হৈ পৰিছে ৰাইজ৷ গোৰেশ্বৰ আৰক্ষী থানাৰ অন্তৰ্গত শান্তিপুৰ নিবাসী মিতুল ডেকাৰ বিশাসাপট্টনমত মৃত্যু হয়৷ শান্তিপুৰৰ চন্দ্ৰ হাজৰিকাৰ জ্যেষ্ঠ পুত্ৰ মিতুল হাজৰিকাৰ (৩২) যোৱা ৩ জুনত মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

মিতুল হাজৰিকা ভাৰতীয় নৌ-সেনাত কৰ্মৰত আছিল। বাংগালুৰুৰ যুৱতী ছোনিয়াৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল আৰু এটি ৪ বছৰীয়া পুত্ৰ সন্তানৰ পিতৃ আছিল মিতুল। নৌ-সেনাৰ এক সূত্ৰই এক দুৰ্ঘটনাত পতিত হৈ মৃত্যু ঘটা বুলি প্ৰকাশ কৰিছে যদিও একাংশই এই মৃত্যুক সহজভাৱে ল'ব পৰা নাই। 

২০০১চনত ৰঙিয়া জৱাহৰ নবোদয় বিদ্যালয়ৰ পৰা মেট্ৰিক উত্তীৰ্ণ হৈ মিতুল ডেকাই গোৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত নামভৰ্ত্তি কৰি পিছলৈ  ২০০৩ চনত ভাৰতীয় নৌ-সেনাত ভৰ্তি হৈছিল। অহা ২০১৯ চনৰ জুলাই মাহত তেওঁ চাকৰি পৰা অৱসৰ গ্ৰহণ কৰিলে হেতেন। বুধবাৰে নিশা ৯.৩০ বজাত মিতুলৰ নশ্বৰ দেহ নিজ গৃহলৈ আহি পোৱাৰ পিছতে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। মিতুলৰ মৃত্যুত গোৰেশ্বৰত শোকৰ ছাঁ পৰে।