চাবুৱাত গুটখা বিৰুধী অভিযান যুৱ ছাত্ৰ পৰিষদৰ

The Hindu
The Hindu

চাবুৱাঃ ২০১৩ চনতে ধঁপাতমুক্ত অসমৰ সংকল্পৰে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমত প্ৰৱৰ্তন কৰা "ধঁপাত নিষিদ্ধকৰণ আইন, ২০১৩" এতিয়া ধোৱা চাঙত উঠিছে৷ ৰাজ্যত ধঁপাতৰ অবাধ বিক্ৰিয়ে প্ৰমাণ কৰে ধংপাত নিষিদ্ধ কৰণ আিনৰ পূৰ্ণ বিফলতা৷ এচাম অবৈধ ব্যৱসায়ীয়ে নেতা-বিষয়াৰ আশীৰ্বাদপুষ্ট হৈ চলাই আছে নিচাজাতীয় সামগ্ৰীৰ অবৈধ ব্যৱসায়৷ 

আনহাতে ৰাজ্যৰ বিভিন্ন জাতীয় দল-সংগঠন আৰু সচেতন মহলে ধঁপাত নিষিদ্ধ কৰাৰ দাবীত সময়ে সময়ে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও কদাপি গুৰুত্ব দিয়া চৰকাৰ কিম্বা প্ৰশাসনে৷ শেহতীয়াকৈ অসমৰ জাতীয় সংগঠন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অবৈধ ধঁপাত জব্দ কৰি জ্বলাই দিয়াৰ সময়তে আজি পুনৰ চাবুৱাত বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ 

আজি চাবুৱাত দিনৰ ১০ বজাৰ পৰা যুৱ-ছাত্ৰ পৰিষদৰ চাবুৱা আঞ্চলিক সমিতিৰ সভাপতি ধনটি শইকীয়া আৰু সম্পাদক ৰাজীৱ দাসৰ নেতৃত্বত আৰু আৰক্ষীৰ সহযোগত ২৫ হাজাৰতকৈ অধিক গুটখা জব্দ কৰিবলৈ সক্ষম হয়। যুৱ প্ৰজন্মৰ লগতে ছাত্ৰত-ছাত্ৰীক মৃত্যুৰ মুখলৈ থেলি দিয়া এই নিচা জাতীয় সমগ্ৰীসমূহ চাবুৱাত কোনো কাৰণতেই বিক্ৰি কৰিবলৈ দিয়া নহব বুলি সংগঠনটোৱে ব্যৱসায়ীসকলক এই ব্যৱসায় বন্ধ কৰিবলৈ আহ্বান জনায়।