
নগাঁওঃ নগাঁও জিলাৰ হাতীচোং অঞ্চলৰ বীৰ শ্বহীদসকলক দেওবাৰে অঞ্চলটোৰ লোকসকলে স্মৰণ কৰে৷ অসম আন্দোলনত যিসকল অসমৰ উত্তৰ পুৰুষৰ ভৱিষ্যত সুৰক্ষাৰ বাবে উৎসৰ্গা কৰিলে তেওঁলোকক সদৌ অসম ছাত্ৰ সন্থাৰ হাতীচোং আঞ্চলিক সমিতিৰ উদ্যোগত ৰাইজে শ্ৰদ্ধা যাচে৷ হাতীচোং অঞ্চলৰ বীৰ শ্বহীদ নৰেন্দ্ৰ কুমাৰ নাথ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত চলা ছয় বছৰীয়া অসম আন্দোলনৰ জপিয়াই পৰি প্ৰাণ দিয়া লোকসকলক শ্ৰদ্ধা যাচে৷
১৯৮১ চনৰ অবৈধ বিদেশী বহিস্কৰণ আন্দোলনৰ নগাওঁ জিলাৰ ডিমৌত ৰাষ্ট্ৰীয় ঘাই পথ অবৰোধ কাৰ্যসূচীত বলিষ্ঠ নেতৃত্ব লৈ জপিয়াই পৰা হাতীচোঙৰ নৰেন্দ্ৰ কুমাৰ নাথে ৩১ ডিচেম্বৰত মৃত্যুক আকোঁৱালি লব লগা হয়। তেওৰ ৩৮ তম মৃত্যু বাৰ্ষিকি উপলক্ষে হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাই ক্ষেত্ৰীগাওঁ গান্ধীজী প্ৰাথমিক বিদ্যালয় প্ৰাংগনত থকা শ্বহীদ বেদীৰ সমীপত দিনজোৰা কাৰ্যসূচীৰে শ্বহীদ দিৱস পালন কৰে৷
হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি নিপন শৰ্মাই সদৌ অসম ছাত্ৰ সন্থাৰ পতকা উত্তোলনেৰে আৰম্ভ কৰা কাৰ্যসূচীত বন্তি প্ৰজ্বলন কৰে শ্বহীদৰ ভাতৃ কমল নাথে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ শুভৰাম্ভ কৰে অসম গন সংগ্ৰাম পৰিষদৰ হাতীচোং সমিতিৰ সভাপতি, বিশিষ্ট শিক্ষাবিদ পূৰ্ন বেজবৰুৱাই। অনুষ্ঠানৰ লগত সংগতি ৰাখি জিলা ছাত্ৰ সন্থাৰ সদস্য বিষ্ণুজ্যোতি নাথে আতঁধৰা স্মৃতি চাৰন সভাত বক্তব্য ৰাখে সেই অঞ্চলৰ আন্দোলনৰ নেতৃত্ব বহন কৰা আন্দোলনকাৰী, বিশিষ্ট সমাজ সেৱিকা মামণি বৰা, নাট্যকৰ্মী গম্ভীৰ শইকীয়া, সদৌ নগাওঁ জিলা ছাত্ৰ সন্থাৰ সভাপতি অভিজিৎ দাসে। সভাত হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক, বিষয়-ববীয়া প্ৰাক্তন ছাত্ৰনেতাৰ উপস্থিতিত বন্তি প্ৰজ্বলনৰে অনুষ্ঠানৰ সামৰণি পৰে৷