নৱবৰ্ষক আদৰিবলৈ সাজু নগাঁওবাসী, উখল-মাখল পৰিবেশ

The Indian Express
The Indian Express

নগাঁওঃ পুৰণিক বিদায় আৰু নতুন বছৰক আদৰণি জনোৱাৰ বাবে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে নগাঁও জিলাতো এক উৎসৱমুখৰ পৰিবেশে বিৰাজ কৰিছে৷ জিলাখনৰ প্ৰান্তে প্ৰান্তে বজাৰ-সমাৰ, দোকান-পোহাৰ আদিত ৰাইজৰ সমাগমেৰে মাঘ বিহুৰ উৰুকাৰ দৰে এটি ব্যস্ততামুখৰ পৰিবেশ সৃষ্টি হোৱা দেখা গৈছে৷

অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী দৰেও যেন গ্ৰাহকক হতাশ কৰিব পৰা নাই৷ আবেলিৰে পৰা মাছ-মাংস, শাক-পাচলি, মিঠাইৰ দোকানৰ পৰা আৰম্ভ কৰি সুৰাৰ দোকানলৈকে গ্ৰাহকৰ হেতা-ওপৰা লগা দৃশ্যই তাকেই প্ৰমানিত কৰিছে৷ কেউফালে কেৱল আনন্দ-উলাহৰ প্ৰতিচ্ছবি৷ জাতীয় উৎসৱ নতুবা বিভিন্ন জাতীয় অনুষ্ঠানৰ কাৰ্যসূচীত অংশগ্ৰহন কৰিবলৈ ইচ্ছা প্ৰকাশ নকৰা জিলাখনৰ একাংশই থাৰ্টী ফাৰ্ষ্টৰ নামত বন্ধু-বান্ধৱৰ লগত হৰ্ষ-উল্লাসেৰে 'পাৰ্টী' কৰিবলৈ হ’লে পাহৰা নাই৷

পুৰণি বৰ্ষক বিদায় জনোৱাৰ নামতেই এচাম চেমনীয়া যুৱকে চাৰেআলি-তিনিআলি, ক্লাৱ ঘৰ, মুকলি পথাৰ আদিত উচ্চ স্তৰত মাইক বজাই পৃঠকে পৃথকে নাচি-বাগি ভোজ-ভাত খাই ৰং-তামাচাত নিজকে উটোৱাই দিছে৷ আনকি একে আনন্দ-উছাহৰ পৰা ঠায়ে ঠায়ে আঁতৰি থকা নাই অত্যুৎসাহী যুৱতী, বয়োজ্যেষ্ঠ পুৰুষ আৰু মহিলাসকলো৷

তদুপৰি বিত্তশালী কোনো কোনোৱে আকৌ আজিৰ সন্ধিয়াটো পৰিয়ালৰ সৈতে স্ফুৰ্তি-তামাচাৰে কটোৱাৰ উদ্দেশ্যে ঢাপলি মেলিছে ৰেষ্টুৰা, ধাবা কিম্বা বিলাসী হোটেললৈ৷ ইফালে, আজিৰ অত্যাধুনিক তথ্য-প্ৰযুক্তিৰ যুগত নৱ বৰ্ষৰ শুভেচ্ছা জনোৱাৰ বাবে 'গ্ৰীটিংছ কাৰ্ড'ক এৰি নৱ প্ৰজন্মই ম’বাইলৰ জৰিয়তে মেছেজিং পদ্ধতিৰ যি পৰম্পৰা গঢ়ে তুলিছে তাৰ ব্যতিক্ৰম নহ’ল নগঞা যুৱক-যুৱতীৰ ক্ষেত্ৰটো৷ মুঠতে সৰ্বতে কেৱল আনন্দ-উছাহৰ ঢল বৈছে৷