
ওৰাংঃ ২০১৭ বৰ্ষৰ অন্তিমটো দিন ৩১ ডিচেম্বৰৰ মাজনিশা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক সম্বন্বয়কৰ কাৰ্যালয়ত ৰাজ্যবাসীৰ বাবে দেশৰ মহাপঞ্জীয়ক এছ এছ শৈলেছ আৰু মুখ্য সমন্বয়ক প্ৰতীক হাজেলাই এনআৰচিৰ প্ৰথমখন খচৰা প্ৰকাশ কৰাৰ পিছৰে সোমবাৰে পুৱাৰে পৰা সেৱা কেন্দ্ৰ সমূহত মানুহৰ ভিৰ পৰিলক্ষিত হয়৷

উজনি-নামনিতৰ প্ৰায় ২৫০০ সেৱা কেন্দ্ৰত মানুহে নিজৰ নাম আছে নাই পৰীক্ষণ কৰা পৰিলক্ষিত হৈছে৷ ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে পুৱাৰে ওডালগুৰি জিলাৰ ওৰাং আৰক্ষী থানা এলেকাৰ ধনশ্ৰীঘাট আৰু ওৰাঙৰ সেৱা কেন্দ্ৰ সমূহত বহু লোকে নিজৰ আৰু পৰিয়ালৰ নাম আছে নে নাই খচৰাত পৰীক্ষণ কৰা পৰিলক্ষিত হৈছে৷

সুশৃংখল ভাৱে ৰাইজে যাতে নাম সমূহ পৰীক্ষণ কৰিব পাৰে তাৰ বাবে প্ৰশাসনে যঠেষ্ট ব্যৱস্থা হাতত লোৱা দোখা গৈছে৷ নিশাৰ পৰাই সেৱা কেন্দ্ৰ সমূহত আৰক্ষী আৰু চিআৰপিএফৰ জোৱানে পহৰা দিয়ে৷ ওৰাঙৰ গড়কাপ্তানী বিভাগৰ কাৰ্যালয় আৰু পৰিদৰ্শন ভৱনত থকা কেন্দ্ৰত বিষয়াসকলে জনসাধাৰণক খচৰা পৰীক্ষণ কৰা দেখা যায়৷