
দলংঘাটঃ অসম সাহিত্য সভাৰ অন্যতম জিলা সমিতি দৰং জিলা সাহিত্য সভাৰ অহা ২৮ আৰু ২৯ জানুৱাৰীত অনুষ্ঠিত হ’ব বাৰ্ষিক অধিবেশন৷ ইতিমধ্যে অধিবেশন অনুষ্ঠিত কৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷
জিলা সাহিত্য সভাৰ অধিনৰ লক্ষীমপুৰ শাখাৰ উদ্যোগত লখিমী সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া দ্বি-বাৰ্ষিক অধিবেশনৰ প্ৰস্তুতি সম্পৰ্কত আলোচনা কৰাৰ বাবে দেওবাৰে এখন সভা অনুষ্ঠিত হৈ যায়৷ পুৱা ৭ বজাত বন্তি প্রজ্বলন আৰু ১২ বজাত দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক তৰুন আজাদ ডেকাৰ সঞ্চালনাত অনুষ্ঠিত সভাত অধিবেশনৰ ৰচিদ বহী উন্মোচন কৰা হয়।
অধিবিদ্যা পৰিষদ, অসমৰ প্ৰাক্তন ৰাজ্যিক কাৰ্যকৰী সভাপতি অনন্ত চৰন শৰ্মা, সাহিত্যিক পৰশুৰাম বৰুৱা সহ ৫৫গৰাকী বিশিষ্ট লোকে ৰচীদ বহী উন্মোচন কৰে৷ অধিবেশন সফল কৰাৰ বাবে দৰং জিলাৰ সৰ্বপ্ৰকাৰৰ লোকৰ সহায় সহোগ কামনা কৰে সভাই৷