বগলীৰ বনভোজথলি চাফ-চিকুণ কৰিলে AWRRO-এ

লালুকঃ ইংৰাজী নৱবৰ্ষৰ অহাৰ লগে লগে নৱেম্বৰ-ডিচেম্বৰ মাহৰ পৰাই ৰাজ্যৰ বিভিন্ন বনভোজথলিত হাজাৰ লোকৰ সমাগম হয়৷ যাৰ ফলত বনভোজস্থলি সমূহ লেতেৰা হৈ থকা দেখা যায়৷ একাংশ লোকে পৰিস্কাৰ কৰি ৰখাৰ চেষ্টা চলাই বনভোজথলি সমূহ৷

তাৰ মাজতে, নৱবৰ্ষৰ প্ৰথম দিনটোত আচাম ৱাইল্ডলাইফ ৰেচকিউ এণ্ড ৰিচাৰ্ছ অৰগেনাইজেছন (AWRRO) নামৰ স্বেচ্ছাসেৱী অনুষ্ঠান এটাই ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে লখিমপু জিলাৰ লালুকৰ ৰঙা সংৰক্ষিত বনাঞ্চলৰ বগলীৰ বনভোজথলিত স্বচ্ছ অভিযান চলাই৷ স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ সদস্যসকলে বগলীৰ বনভোজথলি পৰিস্কাৰ কৰাৰ বাবে কাৰ্যসূচী হাতত লয়৷

সদস্য সকলে বনভোজথলিত পেলাই থোৱা আৱৰ্জনাবোৰ আতৰ কৰাৰ লগতে বনভোজ দলক স্থান সমূহ পৰিস্কাৰ কৈ ৰখাৰ অাহ্বান জনায়৷ স্বচ্ছ কাৰ্যসূচীত লখিমপুৰ সংমণ্ডল বন প্ৰাধিকাৰী আৰু হাৰমতি বনাঞ্চলিক বিষয়া উপস্থিত থাকি স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ সভাপতি তিলক প্ৰধান আৰু সম্পাদক দেৱজিৎ মহন্তৰ শলাগ লয়৷