গুণোৎসৱৰ বাবে সাজু চাৰিদুৱাৰৰ বিদ্যালয়

তেজপুৰ টাউনঃ যোৱা ২৭ ডিচেম্বৰত গুণোৎসৱৰ দ্বিতীয় পৰ্যায়ৰ ফলাফল ঘোষণা কৰাৰ পিছতেই তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ বাবে একাংশ বিদ্যালয়ে পুণৰ প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷ ১০ আৰু ১৩ অক্টোবৰত ১২খন জিলাত অনুষ্ঠিত হৈ যোৱাৰ পিছত তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ সাজু হৈছে কেইবাখনো জিলাৰ বিদ্যালয়৷

শোণিতপুৰ জিলাতো অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ গুণোৎসৱ৷ শোণিতপুৰ জিলাত তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ বাবে প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷ জিলাখনৰ বালিপৰা শিক্ষাখণ্ডৰ অন্তৰ্গত প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয় সমূহত গুণোৎসৱ অনুষ্ঠিত কৰিবৰ বাবে ইতিমধ্যে প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে বুলি জানিবলৈ দিয়ে৷

শিক্ষাখণ্ডটোৰ প্ৰতিখন বিদ্যালয় সাজি-কাচি তুলিছে৷ চাৰিদুৱাৰ অঞ্চলৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান চাৰিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় কৰ্তৃপক্ষও সাজু হৈছে গুণোৎসৱৰ বাবে৷ বিদ্যালয়খন সজাই-পৰাই তোলাৰ লগতে প্ৰতিটো শ্ৰেণী কোঠাতেই মহাপুৰুষসকলৰ অমৃতময় বাণী অংকন কৰি দৃষ্টি আকৰ্ষণ কৰাৰ চেষ্টা কৰাৰ লগতে গুণোৎসৱত অতিথিক আদৰিবলৈ প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে।