পদুমনি শংকৰদেৱ শিশু নিকেতনৰ প্ৰতিষ্ঠা দিৱস পালন, "শঙ্কৰজ্যোতি" উন্মোচন

চামগুৰিঃ নগাঁও জিলাৰ চামগুৰিৰ পদুমনিৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান শংকৰদেৱ শিশু নিকেতনৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস মঙলবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়৷ পুৱা আঠ বজাত মাংগলিক অনুষ্ঠান, পতাকা উত্তোলনৰ পাছতে "শ্ৰীমন্ত শংকৰদেৱ" আৰু "ভাৰত মাতা"ৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে আচাৰ্য্য প্ৰমুখ ৰেখামণি শইকীয়াই৷

দুপৰীয়া নিকেতনৰ কাৰ্যকৰী সভাপতি দিলীপ গায়নৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সম্পাদক বল্লদেৱ শৰ্মাই স্মৰণিকা "শঙ্কৰজ্যোতি" উন্মোচন কৰে৷ ভাষণ প্ৰসংগত শৰ্মাই শংকৰদেৱ শিশু নিকেতনলৈ শিশু উপযোগী গ্ৰন্থ আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে অঞ্চলটোত চকু পৰীক্ষা আৰু স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰিব বুলি কয়৷

খগেন কুমাৰ গায়নে আঁত ধৰা মুকলি সভাত কলিয়াবৰ জিলা বিজেপিৰ সভাপতি অনিল শইকীয়া, নগাঁও জিলা বিদ্যা ভাৰতী সংকুলৰ সংকুল প্ৰমুখ জীৱন শইকীয়া, নগাঁও শংকৰ মিছনৰ গাণনিক বিষয়া ধ্ৰুৱজ্যোতি হাজৰিকা, মাদক দ্ৰব্য নিবাৰণ বিভাগৰ প্ৰকল্প বিষয়া দীপজ্যোতি বৰা প্ৰমুখ্যে কে'বাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ নিকেতনৰ ছাত্ৰ-ছাত্ৰীসকলে সভাত কবিতা আবৃত্তি আৰু গীত পৰিৱেশন কৰি উপস্থিত ৰাইজক আপ্লুত কৰে৷