মান্দাকাটা পাহাৰত খৰি বিচাৰি যোৱা মহিলাক যৌন নিৰ্যাতন চলোৱাৰ চেষ্টা

বাইহাটা চাৰিআলিঃ মাথো ডেৰমাহ পূৰ্বে এগৰাকী ১৩ বছৰীয়া কিশোৰীৰ ধৰ্ষণ কাণ্ডৰ চাঞ্চল্যৰ মাৰ নৌযাওঁতেই কামৰূপ জিলাৰ বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত বেজেৰাৰ সমীপৰ বৰনিজৰাত পুণৰ দুগৰাকী মহিলাক যৌন নিৰ্যাতন চলোৱাৰ চেষ্টা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

মঙলবাৰে মান্দাকাটাৰ বামুনী গাঁৱৰ দুগৰাকী মহিলাক যৌন নিৰ্যাতন চলোৱা চেষ্টা কৰাৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বামুনীগাঁৱৰ দুইগৰাকী মহিলাই মান্দাকাটা পাহাৰত খৰি বিছাৰি যোৱাৰ সময়তে দুগৰাকী লোকে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হয়৷

স্থানীয় যুৱক ৰুবুল আলী আৰু ধনতি আলীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰে মহিলা দুগৰাকীয়ে৷ মহিলাগৰাকীয়ে চিঞৰ বাখৰ কৰাত স্থানীয় লোক উপস্থিত হৈ এজন লোকক আৱদ্ধ কৰে যদিও ধনতি আলী ঘটনাস্থলীৰ পৰা পলায়ণ কৰিবলৈ সক্ষম হয় বুলি স্থানীয় লোকে জানিবলৈ দিয়ে৷

স্থানীয় ৰাইজে ৰুবুল আলীক বাইহাটা চাৰিআলি আৰক্ষীৰ হাতত গটাই দিয়ে৷ ভুক্তভোগী মহিলা দুগৰাকীয়ে বাইহাটা চাৰিআলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰা বুলি জানিব পৰা গৈছে৷