গহপুৰত প্ৰেমিক-প্ৰেমিকাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যা কৰাৰ সন্দেহ

গহপুৰঃ বিশ্বনাথ জিলাৰ গহপুৰত প্ৰেমিক-প্ৰেমিকাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত৷ বুধবাৰে পুৱাই একাংশ লোকে গহপুৰৰ ব্ৰহ্মজানৰ ৰে’ল লাইনৰ দাতিত যুৱক-যুৱতী এহালৰ মৃতদেহ ক্ষত-বিক্ষত অৱস্থাত পৰি থকা প্ৰত্যক্ষ কৰে৷

খবৰ ৰাষ্ট্ৰ হোৱাৰ পিছতে মানুহে মৃতদেহ প্ৰত্যক্ষ কৰিবলৈ ভিৰ কৰাৰ লগতে ৰেল আৰক্ষী উপস্থিত হোৱা দেখা যায়৷ এহাল যুৱক যুৱতীৰ এনেদৰে মৃতদেহ পৰি থকা বিষয়টোৱে গহপুৰত চৰ্চাৰ বিষয় হৈ পৰিছে৷ আনহাতে একাংশ লোকে যুৱক-যুৱতীহালক প্ৰেমিক-প্ৰমিকা বুলি কৈ দুয়ো ইণ্টাৰচিটী ৰে’লত জপিয়াই আত্মহত্যা কৰা বুলি সন্দেহ কৰে৷

যুৱকজন গহপুৰ চহৰৰ সমীপৰ ব্ৰহ্মাজান গাঁৱৰ চন্দন বুলি জানিব পৰা গৈছে৷  আনহাতে যুৱতীগৰাকী যুৱকজনৰ গাঁও খনৰ সমীপৰ জালুকবাৰীৰ বুলি জানিব পৰা যায়৷ পৰিয়াল লোকক খবৰ দিয়াৰ পিছতো বাতৰুি লিখা পৰলৈকে উপস্থিত হোৱা নাই বুলি জানিব পৰা গৈছে৷ আনহাতে এই ঘটনাৰ আন ৰহস্য থকিব পাৰে যদিও আৰক্ষীৰ তদন্তত হো সকলো ওলাই পৰিব৷