অংগাভিনয়ৰ প্ৰতিষ্ঠা দিৱস পালনৰ প্ৰস্তুতি

চামগুৰিঃ নগাঁও জিলাৰ পুৰণিগুদাম আগশাৰীৰ সাংস্কৃতিক অনুষ্ঠান "অংগাভিনয়"ৰ প্ৰতিষ্ঠা দিৱস পালনৰ প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷ এইবেলি চতুৰ্থ বৰ্ষপূৰ্তি অহা ৪ জানুৱাৰীত পালন কৰিব বুলি জানিব পৰা গৈছে৷ "নৃত্যৰ এনিশা" অনুষ্ঠানেৰে পুৰণিগুদামৰ ভবেন্দ্ৰ নাথ শইকীয়া প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব প্ৰতিষ্ঠা দিৱস৷

নৃত্যানুষ্ঠানত শিশু নাটক "মূৰ্খ ৰজাৰ বিচাৰ" আৰু যোগাসনৰ অনুষ্ঠানো পৰিবেশন কৰা হ'ব৷ অংগাভিনয়ৰ প্ৰশিক্ষক বিনোদ ভূঞা আৰু বনশ্ৰী শৰ্মা কলিতাৰ পৰিচালনাত নৃত্যানুষ্ঠান, ৰবীন শইকীয়াৰ পৰিচালনাত নাটক "মূৰ্খ ৰজাৰ বিচাৰ" আৰু যুক্তা বৰাৰ পৰিচালনাত "যোগাসন" পৰিবেশন হ'ব বুলি অংগাভিনয়ৰ সঞ্চালক পল্লৱ কলিতাই জানিবলৈ দিয়ে৷