গাঁৱে গাঁৱে ভোগালীক আদৰাৰ প্ৰস্তুতি

নগাঁওঃ ভোগৰ ভোগজৰা লৈ আকৌ অসমীয়াৰ পদূলিমুখ পালে বাপতি সাহোন ভোগালী তথা মাঘ বিহু৷ ভোগৰ উৎসৱ ভোগালী মানেই যেন পৰম আনন্দৰ উৎসৱ৷ শস্য চপোৱাৰ পিছত উদং হৈ পৰা কৃষক ৰাইজৰ আশা-ভৰষাৰ থলী পথাৰসমূহত চলিছে এতিয়া মাঘ বিহুৰ প্ৰস্তুতি ৷ আধুনিকতাৰ ধাম-খুমীয়াত পৰি ভোগালী বিহুৰ কেতবোৰ ঐতিহ্য-পৰম্পৰাত ঘূণে ধৰিছে যদিও এই বিহুৰ উৎসাহ-উদ্দীপনা আজিও হ্ৰাস পোৱা নাই অসমীয়াৰ মাজত ৷

সেয়ে এতিয়া অতি হেঁপাহৰ ভোগালী বিহুটিক আদৰিবলৈ সাজু হৈছে সৰ্বস্তৰৰ জনতা৷ যাৰ পৰিণতিত গ্ৰাম্যঞ্চলৰ প্ৰতিখন ঘৰতে এক উখল-মাখল পৰিবেশ উদ্ভৱ হোৱাৰ বিপৰীতে মুকলি পথাৰত দৃশ্যমান হৈছে জাতীয় সংস্কৃতিৰ অনুশীলন৷ অধিকাংশ গ্ৰাম্যঞ্চলৰ পথাৰত প্ৰতিখন পথাৰত পৰম্পৰা অনুসৰি নিৰ্মাণ কৰি থকা হৈছে মাঘ বিহুৰ অবিচ্ছেদ্য অংগ মেজি নতুবা ভেলাঘৰ৷

মকৰ সংক্ৰান্তিত অগ্নি দেৱতাৰ পূজা-অৰ্চনাৰ বাবে গাঁৱৰ ডেকাসকলে পৰম উৎসাহেৰে স্ফূৰ্তি-তামাচাৰ মাজেৰে সাজিছে সৰু-বৰ বিভিন্ন আকৃতিৰ মেজি-ভেলাঘৰ৷ একেদৰে উৰুকাৰ নিশা পৰম্পৰাগতভাবে একেলগে মিলিজুলি হাঁহি-স্ফূৰ্তিৰে এসাঁজ খোৱাৰ নিমিত্তে পৃথকে পৃথকে আলোচনাত মিলিত হৈছে গঞাৰাইজ৷

ইয়াৰ বিপৰীতে ব্যস্ততাৰ অন্ত নোহোৱা হৈছে গাঁৱৰ জীয়ৰী-বোৱাৰীৰ৷ গাঁৱৰ চুবুৰীয়ে চুবুৰীয়ে ভাহিছে আপোন ঢেঁকীৰ চিনাকী শব্দ৷ পিঠা-পনা-লাড়ুৰে অতিথিক আপ্যায়ণৰ মানসেৰে সেইবোৰ তৈয়াৰত নামি পৰিছে গৃহিনীসকল৷ প্ৰকাশ যে, অসমীয়া গ্ৰাম্য সমাজ জীৱনৰ লগত নিবিড় সম্পৰ্ক জড়িত হৈ থকা মাঘ বিহুৱে লৈ মাজতে মাত্ৰ কেইটিমান দিনহে বাকী থকা অৱস্থাত বিহুক আদৰিবলৈ ৰাজ্যৰ আন আন ঠাইৰ লগতে নগাঁও জিলাটো সম্প্ৰতি প্ৰস্তুতি তুংগত উঠিছে৷ পৰম হেঁপাহেৰে সাজু হৈছে নগঞা প্ৰতিজন অসমীয়া৷ কি ডেকা, কি বুঢ়া, আনকি কণমানীহঁতৰো দেহ-মন উলাহত নাচিছে৷ যেন তৎ নোহোৱা হৈছে সকলোৰে৷