আদালত চৌহদতে মৃত্যু হত্যাৰ গোচৰত অভিযুক্তৰ

ডিফুঃ এগৰাকী হত্যাৰ গোচৰত অভিযুক্ত আছামীৰ আদালত চৌহদতে মৃত্যু হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে কাৰ্বি আংলং জিলাত৷ বুধবাৰে জিলা খনৰ ডিফু ন্যায়িক আদালত চৌহদত বিজয় দাস নামৰ লোকজনৰ আকস্মিক মৃত্যু হয়৷

হত্যাৰ গোচৰত অভিযুক্ত লোক জনে ডিফু ন্যায়িক আদালতৰ চেছন ক'ৰ্টত শুনানীত হাজিৰ হ’বলৈ আহি আদালত চৌহদতে ঢলি পৰে৷ তৎক্ষণাত লোকজনক ডিফু চিভিল হাস্পাতালত নিয়া হয় যদিও লোকজনৰ ইতিমধ্যে মৃত্যু হোৱা বুলি চিকিৎসকে জানিবলৈ দিয়ে৷ ঘটনাৰ খবৰ লাভ কৰি ডিফু আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিপেন দাসে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়৷

লোকজনৰ বিৰুদ্ধে ৩৬২/০৮ আৰু ছেছন ক'ৰ্ট গোচৰ নং ০২/০৯ ত ভাৰতীয় দণ্ডবিধিৰ ৩০২ ধাৰাত গোচৰ চলি আছিল৷ আনহাতে গোচৰটোৰ অভিযুক্ত পক্ষৰ অধিবক্তা এম চাকমাই জানিবলৈ দিয়া মতে অভিযুক্ত বিজয় দাসে ২০০৮ বৰ্ষৰ ১০ চেপ্তেম্বৰত মাঞ্জা থানা এলেকাৰ লংনিটত তেওৰ পত্নী প্ৰতিমা দাসক কোৰৰ নালেৰে মূৰত প্ৰহাৰ কৰি হত্যাৰ কৰাৰ গোচৰত অভিযুক্ত আছিল৷

গোচৰীয়াই গোচৰ তৰাৰ ৭ বছৰ কাল উকলি যোৱাত গোচৰটোৰ অন্তিম পৰ্যায়ত উপনীত হৈছিল শুনানী৷ গোচৰীয়া পক্ষৰ সাক্ষী প্ৰায়ে অনুপস্থিত আছিল আৰু অভিযুক্তৰ পক্ষত ৰায় হোৱাটো প্ৰায় নিশ্চিত আছিল যদিও আজি শুনানী কালত অভিযুক্তজনক অসুস্থ থকা পৰিলক্ষিত হৈছিল বুলি জানিবলৈ দিয়ে৷ বাতৰি লিখা পৰলৈকে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু অসামৰিক চিকিৎসালয়ত ৰখা হৈছে৷