নাই পৰিয়ালৰ সন্ধান, ডিফুৰ চিকিৎসালয়ত পৰি ৰৈছে নলবাৰীৰ লোকৰ মৃতদেহ

ডিফুঃ কাৰ্বি আংলং জিলাৰ ডিফু চিভিল হাস্পাতালত চিকিৎসাধীন অৱস্থাত নলবাৰীৰ এজন ৪২ বছৰীয়া এজন লোকৰ মৃত্যু হয়৷ যোৱা ৩১ ডিচেম্বৰত লোকজনে ডিফু চহৰৰ ছাৰ্থে কল'নি এলেকাত পৰি থকা প্ৰত্যক্ষ কৰিছিল স্থানীয় লোকে৷

১০৮ এম্বুলেঞ্চ যোগে লোকজনক ডিফু অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল৷ মঙলবাৰে সন্ধিয়া ৬-৪৫ বজাত লোকজন চিকিৎসাধীন অৱস্থাত ডিফু চিভিল হাস্পাতালত শেষ নিশ্বাস ত্যাগ কৰে বুলি চিকিৎসালয় কৰ্তৃপক্ষই আৰক্ষীক জানিবলৈ দিয়ে৷

লোকজন নলবাৰী জিলাৰ খবৰীহাল গাঁৱৰ উমেশ তালুকদাৰ পুত্ৰ শৰত তালুকদাৰ (৪২) বুলি মৃত্যুৰ পূৰ্বে পঞ্জীয়ণ কৰাইছিল বুলি চিকিৎসকে জানিবলৈ দিছিল৷ মৰণোত্তৰ পৰীক্ষাৰ অন্তত মৃতদেহ ডিফু চিভিল হাস্পাতলৰ মৰ্গত ৰখাৰ ব্যৱস্থা কৰে আৰক্ষীয়ে৷  লোকজনৰ পৰিয়ালৰ সৈতে যোগাযোগৰ সবিশেষ নথকাৰ বাবে আৰক্ষী বিপাঙত পৰে৷