
ওদালগুৰিঃ সদৌ অসম ছাত্ৰ সন্থাৰ অন্যতম শক্তিশালী আঞ্চলিক সমিতি ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ সপ্তদশ বাৰ্ষিক অধিৱেশন অহা ৮, ৯ আৰু ১০ জানুৱাৰীত ওদালগুৰি শ্বহীদ ভৱনত অনুষ্ঠিত হ’ব। অধিৱশন খন অনুষ্ঠিত হ’বলৈ মাজত মাথো কেইটামান দিন বাকী থকা অৱস্থাত আঞ্চলিক সমিতিৰ সভাপতি-সাধাৰণ সম্পাদক পদৰ বাবে গুণগঠা আৰম্ভ হৈছে৷
বিভিন্ন জনে ভিতৰি ভিতৰি সভাপতি-সাধাৰণ সম্পাদক পদৰ বাবে কুচকাৱাজ আৰম্ভ কৰা বুলি বুলি জানিব পৰা গৈছে। ইতিমধ্যে আঞ্চলিক সমিতি খনৰ মূল পদবী দখলৰ দৌৰত কেইবাগৰাকী ছাত্ৰ নেতাই ইতিমধ্যে আঞ্চলিক সমিতি গঠনৰ বাবে প্ৰতিনিধি হৈ আহিবলগীয়ে বিষয়-ববীয়াৰ সৈতে যোগাযোগ চলাই থকা বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে বিগত ১৮ নৱেম্বৰত সমিতিখনৰ ভাৰপ্ৰাপ্ত সভাপতি আৰু সাধাৰণ সম্পাদকে অব্যাহতি লৈছিল সংগঠনটোৰ পৰা। আঞ্চলিক সমিতিখনত বহুকেইজন ভাবি সভাপতিৰ নাম উচ্চাৰিত হৈছে। আনহাতে সাধাৰণ সম্পাদক পদৰ বাবে এটা পক্ষই এগৰাকী সহকাৰী সাধাৰণ সম্পাদকৰ নাম উল্লেখ কৰিছে যদিও আন এটা পক্ষই আঞ্চলিক সমিতিখনৰ বাবে নতুন শক্তিশালী প্ৰাৰ্থীৰ নাম উচ্চাৰিত কৰিছে।
ইফালে আঞ্চলিক সমিতিখন গঠনৰ ক্ষেত্ৰত অৱশেষত জিলা সমিতিখনেও এক কঠোৰ স্থিতি লব পাৰে বুলি সংগঠনটোৰ এক ভিতৰুৱা সূত্ৰৰ পৰা খবৰ পোৱা গৈছে। যিহেতু জিলাখনত আছে সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদকৰ লগতে এগৰাকী ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য৷ গতিকে নতুন সমিতিখন গঠনৰ ক্ষেত্ৰত এই দুয়োগৰাকী আছুৰ কেন্দ্ৰীয় সদস্যৰ ভূমিকা হ’ব লক্ষ্যণীয়।
আনফালে জিলা সমিতিখনৰ নেতৃত্বই আঞ্চলিক সমিতিখন গঠনৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লব পাৰে। কিয়নো কিছুদিন ধৰি জিলা সমিতিখনৰ নেতৃত্বই প্ৰতিটো মুহূৰ্ততে আঞ্চলিক সমিতিখনক তীক্ষ্ণ নজৰ দি অহাৰ লগতে বিভিন্ন সূত্ৰৰ জৰিয়তে খবৰ লৈ আহিছে।
ইফালে দীৰ্ঘদিন ধৰি নিষ্ক্ৰিয় ভুমিকা গ্ৰহণ কৰি থকা ওদালগুৰি মহকুমা সমিতিখন হঠাৎ সক্ৰিয় হৈ পৰাত সমিতিখনেও ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ নতুন সমিতিখন গঠনৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা লব পাৰে বুলি চৰ্চা হৈছে। আগন্তুক ৯ জানুৱাৰীত সকলো স্পষ্ট হৈ পৰিব যদিও নতুন আঞ্চলিক সমিতিখন গঠনৰ সমূহ সাম্ভাব্য প্ৰাৰ্থীৰ নামক লৈ ধুৱলি কুৱলি হৈছে পৰিবেশ।