
ডিফুঃ বুধবাৰে কাৰ্বি আংলং জিলাৰ ডিফু চহৰৰ পৰা ৫ কিলোমিটাৰ নিলগৰ থেচ' আৰজুত এখন সাপ্তাহিক বজাৰৰ গৃহৰ আধাৰশিলা স্থাপন কৰে ডিফুৰ বিধায়ক ছুম ৰংহাঙে৷
স্থানীয় ৰাইজৰ দীৰ্ঘদিনিয়া দাবী পূৰণ কৰি ডিফুৰ বিধায়ক ছুম ৰংহাঙে ৰাইজৰ প্ৰতিটো দাবী পূৰণ কৰা হ’ব বুলি কয়।
পূৱ কাৰ্বি আংলং জিলা বিজেপিৰ সভাপতি তথা কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য ৰতন টেৰন, অমৰছিং তিছ' ভিডিচি লৰেঞ্চ ৰংহাং, গজেন্দ্ৰ তিমুঙৰ উপস্থিতি বিধায়কগৰাকীয়ে আধাৰশিলা স্থাপন কৰে৷