জন্মদিন পালন কৰা নহ’ল কেহবি চেমাইৰ

লিডু/মাৰ্ঘেৰিটাঃ বুধবাৰে আছিল তেওঁৰ জন্ম দিন৷ দুপৰীয়া ঘৰৰ পৰা ওলাই আহিছিল৷ তিনিচুকীয়া জিলাৰ লেখাপানীৰ উদয়পুৰত বুধবাৰে পথ দুৰ্ঘটনা সংঘটিত হৈ তেওঁৰ মৃত্যু হয়৷ যুৱকগৰাকীৰ মৃত্যুত শোকৰ ছাঁ পৰে অঞ্চলটোত৷ লেখাপানীৰ পাটকাই গেটৰ সমীপত এখন তীব্ৰ বেগী বাইক আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ লাগে৷

ফলত বাইক আৰোহী লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত লাল পাহাৰ গাঁৱৰ কেহবি চেমাৰ থিতাতে মৃত্যু হয়৷ ১৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথত তামোল ভৰ্তি ট্ৰাক খনে দীনেশ সিং নামৰ লোকজনৰ ঘৰৰ ভিতৰলৈ সোমাবলৈ ধৰোতেই জাগুন পৰা লেখাপানী অভিমুখে আহি থকা প্লেট বিহীন হিৰ হোণ্ডা বাইকে খনৰ মুখামুখি সংঘৰ্ষ লাগে৷ AS-09-C-1698 নম্বৰৰ ট্ৰাক খনত খুন্দা মৰাৰ ফলত থিতাতে মৃত্যুক আকোৱালি লয় বাইক চালক কেহবি চেমাই৷