
নগাঁওঃ নগাঁও জিলাৰ নৃত্য শিক্ষাৰ অগ্ৰণী প্ৰতিষ্ঠান 'সূত্ৰধাৰ'ৰ উদ্যোগত 'নৃত্যালিংগন সমাৰোহ' নামেৰে সৰ্বভাৰতীয় পৰ্যায়ত এখন নৃত্য অনুষ্ঠান অনুষ্ঠিত কৰাৰ ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷ অহা ৫ জানুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত নৃত্য উৎসৱ নগাঁও চহৰৰ ডচন স্কুল খেলপথাৰত অনুষ্ঠিত হ’ব৷
ৰাষ্ট্ৰীয় ঐক্যৰ স্বাৰ্থত সাংস্কৃতিক বিনিময়ৰ লক্ষ্যৰে অনুষ্ঠিত হ’বলগীয়া নৃত্য উৎসৱত ৰাজ্য খনৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, মেঘালয়, মণিপুৰ, ত্ৰিপুৰা, পশ্চিমবংগৰ উপৰিও মহাৰাষ্ট্ৰ, দিল্লী আৰু হাৰিয়ানাৰ মুঠ ২১টা দলৰ ৫০০ শিল্পীয়ে অংশ গ্ৰহণ কৰিব ৷
প্ৰতিটো দলে নিজ নিজ ৰাজ্যৰ লোকনৃত্য, পৰম্পৰাগত নৃত্য, শাস্ত্ৰীয় নৃত্য, সৃষ্টিশীল নৃত্য আদি পৰিবেশন কৰিব৷ তদুপৰি উৎসৱৰ লগত ৰজিতা খুৱাই গ্ৰন্থ উন্মোচন আৰু আলোচনা চক্ৰৰ লগতে নগাঁও জিলা ভিত্তিত আন্তঃবিদ্যালয় নৃত্য প্ৰতিযোগিতা আৰু কলা-বস্ত্ৰশিল্প প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে৷ অনুষ্ঠানসমূহ নিতৌ পুৱা ৯ বজাৰ পৰা সন্ধিয়ালৈকে চলিব৷
এই উৎসৱতে বিগত তিনি বছৰৰ দৰেই ২০১৬ৰ বাবে যোৰহাটৰ কাকতি গাঁৱৰ স্বনামধন্য গীতিকাৰ, নৃত্য সংৰচক অশোক বৰদলৈ আৰু ২০১৭ বৰ্ষৰ বাবে নগঞা বলিষ্ঠ অভিনেতা গুণ মহন্তক 'সূত্ৰধাৰ' সন্মান প্ৰদান কৰা হ’ব৷ প্ৰথম দিনা বিয়লি ২.৩০ বজাত সমাৰোহখন জিলা উপায়ুক্ত চমচেৰ সিঙে আনুষ্ঠানিকভাবে উদ্বোধন কৰাৰ পিছতেই নৃত্য পৰিবেশন কৰা হ’ব৷
দ্বিতীয় দিনা পুৱা ১০ বজাত উলিওৱা হ’ব এটি বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা৷ বিয়লি ২ বজাত ত্ৰিপুৰাৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰসকলে নাট পৰিবেশন কৰিব৷ অন্তিম দিনা পুৱাৰ ভাগত এখন আলোচনা চক্ৰ আৰু কৰ্মশালা অনুষ্ঠিত হ’ব৷
সন্ধিয়া 'সূত্ৰধাৰ'ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে নৃত্যানুষ্ঠান আৰু নগাঁৱৰ সাংস্কৃতিক সাধক হৰেন কলিতা ৰচিত অংকীয়া নাট 'ৰামায়ণ' প্ৰদৰ্শন কৰা হ’ব৷ নগাঁৱত পোন প্ৰথমবাৰৰ বাবে আয়োজন কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ নৃত্য উৎসৱ সমাৰোহৰ লগত সংগতি ৰাখি 'কলং নৈ পুনৰ উজ্জীৱন' শীৰ্ষক এক আকৰ্ষণীয় কাৰ্যসূচীও ৰূপায়ণ কৰা হ’ব বুলি 'সূত্ৰধাৰ'ৰ পৰিয়ালে জানিবলৈ দিয়ে৷