গুণোৎসৱ, ধুবুৰীৰ বহু বিদ্যালয়ত নাই শ্ৰেণীকোঠা, গছৰ তলত পাঠদান

ধুবুৰীঃ ৰাজ্যত আকৌ গুণোৎসৱ৷ বুধবাৰে পুৱাৰে পৰা শিক্ষক, ছাত্ৰ-ছাত্ৰী সকলোৱে ব্যস্ত হৈ পৰিল গুণোৎসৱৰ বাবে৷ ৰাজ্যৰ শিক্ষানুষ্ঠানত বুধবাৰৰ পৰা আৰম্ভ হৈছে তৃতীয় পৰ্যায়ৰ গুণোৎসৱ। দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ ফলাফল ঘোষণাৰ পিছতে তৃতীয় পৰ্যায়ৰ গুণোৎসৱ আৰম্ভ হয় বুধবাৰৰ পৰা৷ গুণোৎসৱ নিয়াৰিকৈ সম্পন্ন কৰি উন্নত ফলাফল প্ৰদৰ্শন কৰাৰ বাবে ইতিমধ্যে প্ৰতিটো শিক্ষা খণ্ডৰ প্ৰতিখন বিদ্যালয়ে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে বুলি জানিব পৰা গৈছে৷

ৰাজ্যৰ ১৩ খন জিলাৰ লগতে ধুবুৰী জিলাতো গুণোৎসৱৰ ব্যাপক উৎসাহেৰে আৰম্ভ হৈছে৷ ধুবুৰী জিলাৰ ডিপিঅ’ চাহনাজ বেগম আৰু গৌৰীপুৰ শিক্ষাখণ্ড উন্নয়ন বিষয়াৰ এটা এটা দল গৌৰীপুৰৰ ভিন্ন প্ৰান্তৰ বিদ্যালয় সমূহ পৰিদৰ্শন কৰে৷ ধুবুৰী জিলাৰ গৌৰীপুৰ শিক্ষাখণ্ড বিষয়াসহ বিভাগীয় দলটোৱে প্ৰথমে ১৫১৩নং পাঠানপাৰা এলপি স্কুল, ২১০০নং ৰহিমবক্স এলপি স্কুল, ১৮৭৬নং অষ্টমীৰচৰ এলপি স্কুল আৰু চিৰাখোৱা ৫ম খণ্ড নয়াপাৰা জনকল্যান এল পি স্কুল পৰিদৰ্শন কৰে৷

ছাত্ৰ-ছাত্ৰী, শিক্ষক সকলোৱে নিজৰ নিজৰ বিদ্যালয়খনক উজলাই তুলিবলৈ তথা প্ৰথমস্থান দখল কৰাৰ বাবে উঠি-পৰি লাগিছে৷ আনহাতে একাংশ বিদ্যালয়ত আন্তঃগাঁঠনিৰ অভাৱত পিছতো বিদ্যালয় কৰ্তৃপক্ষই হাহাকাৰ কৰিব লগা হৈছে৷ ডেক্স-বেঞ্চৰ অভাৱত ছাত্ৰ-ছাত্ৰীয়ে আজিও সমস্যাত পৰা দেখা যায়৷ ৰাজ্যৰ চৰকাৰী শিক্ষা খণ্ডক সংস্কাৰৰ বাবে ৰাজ্য চৰকাৰে সময়ে সময়ে বিভিন্ন কাৰ্যসূচী লৈ আহিছে৷ গুণোৎসৱ অনুষ্ঠিত কৰি ব্যাপক চমক সৃষ্টি কৰে চৰকাৰ তথা শিক্ষা বিভাগে৷

প্ৰকৃততে এনে বোৰ আঁচনিয়ে কণ কণ ছাত্ৰ-ছাত্ৰী তথা দৰিদ্ৰ-শ্ৰমিকৰ সন্তানক উপকৃত কৰিব পাৰিছে নে নাই সেয়া ৰাইজে বিচাৰ কৰিবৰ সময় আহি পৰিছে৷ কিন্তু এনেবোৰ আঁচনিৰ জড়িয়তে লাখ লাখ টকা খৰছ কৰাৰ সময়তে ৰাজ্যত আজিও বহু বিদ্যালয় আছে যিবোৰ বিদ্যালয় দেখিলে স্বাধীন দেশৰ স্কুল যেন নালাগে৷ গ্ৰাম্য অঞ্চলৰ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ণ কৰা বহু বিদ্যালয়ত আজিও নাই উপয়ুক্ত শ্ৰেণীকোঠা, ডেস্ক, বেঞ্চ আদি৷ আজিও বহু বিদ্যালয়ত ব্লেক বৰ্ড এখনৰ অভাৱত শিক্ষকে পাঠদান কৰিব লগা হয়৷

এজাক বৰষুণতে বহু বিদ্যালয়ৰ চৌহদ পানীৰে ভৰি পৰে৷ গুণোৎসৱৰ দৰে কাৰ্যসূচী লোৱাৰ পূৰ্বে চৰকাৰে গ্ৰাম্য অঞ্চলৰ শিক্ষানুষ্ঠান সমূহৰ আন্তঃগাঠনি উন্নত কৰাৰ আহ্বান জনাইছিল একাংশ লোকে৷ আন্তঃগাঠনি তথা গুৰিৰ পৰা সংস্কাৰ কৰাৰ দাবী জনাইছিল৷ কিন্তু চৰকাৰে এনে লোকৰ পৰামৰ্শ গ্ৰহণ নকৰি ব্যাপক ধামখুমীয়াত গুণোৎসৱ অনুষ্ঠিত কৰে৷

ধুবুৰী জিলাত আজিও শ্ৰেণীকোঠা নোহোৱা বহু বিদ্যালয় আছে৷ বহু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী গছৰ তলত পঢ়িব লগা হয়৷ তাৰ মাজতে তৃতীয় পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হৈছে ১৩ জিলাত। তিনিবাৰকৈ সলনি কৰিব লগা হৈছিল দিন৷ কিয়নো NRCৰ খচৰা প্ৰকাশৰ বাবে বিষয়া কৰ্মচাৰী ব্যস্ত হৈ পৰাত বাৰে বাৰে পিছুৱাই দিব লগা হৈছিল৷ অৱশেষত জল্পনা-কল্পনাৰ অন্তত বুধবাৰৰ পৰা তিনি দিনীয়াকৈ অনুষ্ঠিত হৈছে গুণোৎসৱ৷

১৩ খন জিলাৰ ১৭,৮৮৪ খন নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ সৰ্বমুঠ ১২,৩৭,৯২২গৰাকী ছাত্ৰ–ছাত্ৰীয়ে গুণোৎসৱত অংশ লব৷ প্ৰথমে ৬-৯ নৱেম্বৰলৈ গুণোৎসৱৰ দিন ধাৰ্য কৰিছিল। এই দিন সলনি কৰি ৫-৮ ডিচেম্বৰলৈ তাৰ পিছত পুণৰাই ২৬-২৯ ডিচেম্বৰলৈ অনুষ্ঠিত কৰা দিন ঠিক কৰিছিল যদিও অৱশেষত এই দিনো সলনি কৰি চৰকাৰে এনআৰচিৰ খচৰা প্ৰকাশ হোৱাৰ পিছতহে অৰ্থাৎ ৩ জানুৱাৰীৰ পৰা ৬ জানুৱাৰীলৈ অনুষ্ঠিত কৰিলে গুণোৎসৱ৷