
উৰিয়ামঘাটঃ নগা দুৰ্বৃত্তই অসমীয়াৰ গৃহ জ্বলাই দিয়াৰ ঘটনাই তীব্ৰ চাঞ্চলৰ সৃষ্টি কৰিছে গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অসম নগালেণ্ড সীমান্তৰ চুঙাজানত৷ বুধবাৰে নিশা অসমীয়াৰ ঘৰত অগ্নি সংযোগ কৰে নগা দুৰ্বৃত্তই৷ এই কাণ্ড সংঘটিত কৰিছে চুঙাজানৰ ৰংপুৰ গাঁৱত৷
নগা দুৰ্বৃত্তই দলে বলে আহি জীৱন বৰা নামৰ এজন লোকৰ ঘৰ জ্বলাই দিয়াত আতংকিত হৈ পৰিছে সীমান্তৰ চুঙাজানবাসী। শাসকীয় বিজেপি দলে অসম নগালেণ্ড সীমান্তৰ সীমা সমস্যা সমাধানত গুৰুত্ব প্ৰদান নকৰাৰ অাৰু অসমীয়াক নিৰাপত্তা দিব নোৱাৰা অভিযোগ উত্থাপন হৈ অহাৰ সময়তে এই কাণ্ড সংঘটিত কৰে নগাই৷ আনহাতে এই ঘটনা সংঘটিত হোৱাৰ পিছতে সোণোৱাল চৰকাৰক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ৰাইজে৷
বৃহস্পতিবাৰ নাগালেণ্ডৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী হাতত লোৱাৰ হ’ব বুলি কয় ধনশিৰি মহকুমাৰ ছাত্ৰ সন্থাই। ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি অাৰু চুতিয়া ছাত্ৰ সন্থাই। স্থানীয় ৰাইজে নগাই বিভিন্ন ভাবুকি দি গাঁওখনৰ পৰা গৰু-ছাগলীকে ধৰি বিভিন্ন পোহনীয়া জীৱ জন্তু ধৰি নিয়ে বুলি অভিযোগ উত্থাপন কৰে।