
উৰিয়ামঘাটঃ জাতি, মাটি ভেটিৰ সুৰক্ষাৰ প্ৰতিশ্ৰুতি দি অসমীয়াৰ ভোট লৈ চৰকাৰ গঠন কৰা বিজেপি, অগপ আৰু বিপিএফে এতিয়া সীমান্তত বাস কৰা অসমীয়াক পাহৰিলে৷ প্ৰতিটো দিন আতংকৰ মাজেৰে পাৰ কৰা অসম-নাগালেণ্ড সীমান্তৰ অসমীয়াই জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ নামত হাহাকাৰ কৰিব লগা হৈছে যদিও খবৰ লবলৈ আহৰি নাই চৰকাৰৰ৷ সীমান্তৰ অসমীয়াৰ নিশা হলেই যেন সন্তান পৰিয়ালৰ চিন্তাত নিদ্ৰাহৰণ হয়৷ যেনিবা আজিও আহে নগা দুৰ্বৃত্ত৷
আজিও চলাব নেকি তাণ্ডৱ৷ তেনেই চিন্তাত দিন পাৰ কৰিব লগা হৈছে অসমীয়াই৷ যোৱা কেইবাটাও দিনৰ ভিতৰত অসম-নগালেণ্ড সীমান্তত নগাৰ অত্যাচাৰ যেন বৃদ্ধি হৈছে৷ এইবাৰ যেন বৰ ঘৰ হে পালে নগাই৷ সীমান্তৰ পৰা বহু ভিতৰলৈ সোমাই আহি অসমীয়াৰ ঘৰ জ্বলাই ভাবুকি দি নিৰ্বিঘ্নে আতৰি গ’ল নগা দুৰ্বৃত্ত৷ অসমীয়াৰ ঘৰ জ্বলাই দিয়াৰ পিছতো অসমীয়াক সুৰক্ষা দিবলৈ কোনো নাছিল সীমান্তত৷ মন্ত্ৰী, বিধায়ক, আমোলাক সুৰক্ষা দিবলৈ শ-শ অৰ্ধসামৰিক বাহিনী, আৰক্ষী আছে যদিও সীমান্তৰ অসমীয়াক সুৰক্ষা দিবলৈ কোনো নাই৷
ভাৰত চৰকাৰ আৰু NSCN (আই-এম)ৰ মাজৰ ফ্ৰেমৱৰ্ক এগ্ৰিমেন্টত এতিয়ালৈ ৰাজহুৱা হোৱা নাই যদিও অসমৰ ৰাইজ শংকিত হৈ আছে নাগালিমত অসমৰ ভূমি অন্তৰ্ভুক্ত হোৱাৰ লগতে নগাৰ অত্যাচাৰৰ প্ৰতিচ্ছবি খন অসমীয়াই প্ৰত্যক্ষ কৰি আহিছে। নাগালিমৰ দাবীৰে NSCN-এ যি মানচিত্ৰ প্ৰস্তত কৰিছে তাত শিৱসাগৰ, গোলাঘাট, যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়া আদিকে ধৰি অসমৰ বহুকেইখন জিলাৰ মাটিকালি অন্তৰ্ভুক্ত হৈ আছে। কোনো কাৰণতে অসমৰ মাটি এৰি দিয়া নহব বুলি দল সংগঠনে হুংকাৰ দি থকাৰ সময়তে অসমত নগাৰ দপদপনি বৃদ্ধি পাবলৈ ধৰিছে অসমৰ ভূমিত৷
সীমান্তত দপদপাই থকা নগা বিদ্ৰোহী এইবৰ বৰ ঘৰ পাইছে৷ অসমৰ মাটি যেনেকৈ বাংলাদেশক দিয়া হ'ল থিক তেনেকৈ অসমৰ মাটি নাগালেণ্ডক দিবৰ বাবে অসম-ভাৰত চৰকাৰে ষড়যন্ত্ৰ ৰচনা কৰা বুলি অভিযোগ উত্থাপন হৈ অহাৰ সময়তে এইবাৰ দলে বলে অসমৰ ভূমিত নগাই প্ৰবেশ কৰি অসমীয়াৰ ঘৰ জ্বলাই থৈ গ’ল৷ নগাৰ দপদপনি লাহে লাহে বৃদ্ধি পাবলৈ ধৰাত আতংকৰ মাজত দিন পাৰ কৰিছে ৰাইজে৷ নগা বিদ্ৰোহী সংগঠন এন এনএছচিএনৰ কিছু সদস্যই অসমৰ ভূমিক প্ৰবেশ কৰি বিভিন্ন স্থানত অসামাজিক কামকাজ চলাই থকাৰ সময়তে বুধবাৰে নিশা সীমান্তৰ অসমীয়াৰ ঘৰ জ্বলাই পৰিয়ালক হত্যাৰ চেষ্টা কৰে৷
নগা দুৰ্বৃত্তই অসমীয়াৰ গৃহ জ্বলাই দিয়াৰ ঘটনাই তীব্ৰ চাঞ্চলৰ সৃষ্টি কৰিছে গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অসম নগালেণ্ড সীমান্তৰ চুঙাজানত৷ বুধবাৰে নিশা অসমীয়াৰ ঘৰত অগ্নি সংযোগ কৰে নগা দুৰ্বৃত্তই৷ এই কাণ্ড সংঘটিত কৰিছে চুঙাজানৰ ৰংপুৰ গাঁৱত৷ নগা দুৰ্বৃত্তই দলে বলে আহি জীৱন বৰা নামৰ এজন লোকৰ ঘৰ জ্বলাই দিয়াত আতংকিত হৈ পৰিছে সীমান্তৰ চুঙাজানবাসী। শাসকীয় বিজেপি দলে অসম নগালেণ্ড সীমান্তৰ সীমা সমস্যা সমাধানত গুৰুত্ব প্ৰদান নকৰাৰ অাৰু অসমীয়াক নিৰাপত্তা দিব নোৱাৰা অভিযোগ উত্থাপন হৈ অহাৰ সময়তে এই কাণ্ড সংঘটিত কৰে নগাই৷
আনহাতে এই ঘটনা সংঘটিত হোৱাৰ পিছতে সোণোৱাল চৰকাৰক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ৰাইজে৷ বৃহস্পতিবাৰ নাগালেণ্ডৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী হাতত লোৱাৰ হ’ব বুলি কয় ধনশিৰি মহকুমাৰ ছাত্ৰ সন্থাই। ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি অাৰু চুতিয়া ছাত্ৰ সন্থাই। স্থানীয় ৰাইজে নগাই বিভিন্ন ভাবুকি দি গাঁওখনৰ পৰা গৰু-ছাগলীকে ধৰি বিভিন্ন পোহনীয়া জীৱ জন্তু ধৰি নিয়ে বুলি অভিযোগ উত্থাপন কৰে।