
গোলকগঞ্জঃ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে চৰকাৰী বিদ্যালয়সমূহৰ মান নিৰূপণ কৰি শিক্ষা ব্যৱস্থাক গতিশীল কৰাৰ লক্ষ্যৰে সমগ্ৰ ৰাজ্যত আৰম্ভ কৰিছে গুণোৎসৱ৷ ইতিমধ্যে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হৈ যোৱাৰ পিছত তৃতীয় পৰ্যায়ৰ গুণোৎসৱ ৩ জানুৱাৰীৰ পৰা অনুষ্ঠিত হৈছে৷
তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ বৃহস্পতিবাৰে দ্বিতীয় দিন৷ ৰাজ্যৰ ১৩ খন জিলাৰ লগতে ধুবুৰী জিলাৰ গোলকগঞ্জ শিক্ষা খণ্ডৰ বিভিন্ন বিদ্যালয়ত ব্যাপক ব্যস্ততাৰে অনুষ্ঠিত হয় দ্বিতীয় দিনৰ কাৰ্যসূচী৷ গোলকগঞ্জৰ আগশাৰীৰ শিক্ষানুষ্ঠান চিন্ময়ী ছোৱালী মধ্য ইংৰাজী বিদ্যালয় পৰ্যবেক্ষণ কৰে গৌৰীপুৰ প্ৰমথেশ বৰুৱা কলেজৰ প্ৰৱক্তা মনছুৰ আলী সৰকাৰ, ধুবুৰী বি এন কলেজৰ অধ্যাপিকা দ্বীপা ঘোষে৷
নৱ ভাৰত পাঠশালা এম ই বিদ্যালয়ত গড়কাপ্তানি বিভাগৰ কোকোৰাঝাৰৰ সহকাৰী অভিযন্তা শৌকদ দত্তই নিৰীক্ষক হিচাপে উপস্থিত থাকি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰাৰ লগতে বিদ্যালয়ৰ পৰ্যবেক্ষণ কৰে। গুণোৎসৱৰ দ্বিতীয় দিনটোত বিভিন্ন বিদ্যালয় ভ্ৰমণ কৰাৰ লগতে চিন্ময়ী ছোৱালী মধ্য ইংৰাজী বিদ্যালয় ভ্ৰমণ কৰে ধুবুৰী জিলাৰ উপায়ুক্ত অনন্ত লাল জ্ঞানীয়ে।
জ্ঞানীয়ে বিদ্যালয়খনৰ বিভিন্ন দিশ পৰ্যবেক্ষণ কৰি দুটা অতিৰিক্ত শ্ৰেণী কোঠা নিৰ্মাণৰ ব্যৱস্থা কৰাৰ আশ্বাস দিয়ে বুলি বিদ্যালয়খনৰ পৰিচালনা সমিতিয়ে জানিবলৈ দিয়ে। একেদৰেই ৰহমতগঞ্জ ছিনিয়ৰ মাদ্ৰাছাত কোকৰাঝাৰৰ মহাবিদ্যালয়ৰ অধ্যাপক অশোক কুমাৰ চাহা, শিক্ষা বিষয়া উৰ্মীলা দাস আৰু ৰহমতগঞ্জ এম ই মাদ্ৰাছাত আলমগঞ্জ ৰঙামাটি কলেজৰ সহকাৰী অধ্যাপিকা নুৰনেছা খাতুনে নিৰীক্ষক ৰূপে উপস্থিত থাকি বিদ্যায়তনিক দিশ মূল্যায়ন কৰে।