
চাবুৱাঃ মটক যুৱ-ছাত্ৰ সন্মিলনৰ উদ্যোগত মটক ৰজা স্বৰ্গদেউ ভগীৰথ গোহাঁই সোঁৱৰণী প্ৰথম বাৰ্ষিক দিবা-নৈশ টেনিচ বল প্ৰাইজমণি ক্ৰিকেট প্ৰতিযোগিতা বৃহস্পতিবাৰৰ পৰা আৰম্ভ হয়। চাবুৱা আঞ্চলিক মটক যুৱ-ছাত্ৰ সল্মিলনৰ উদ্যোগত আৰু হাতীআলি, ৰহমৰীয়া, পুলুঙা , চেতিয়াপথাৰ বটালিখাত, ডিকম, দিনজয়, বগডুং আঞ্চলিক সমিতিৰ সহযোগত সদৌ অসম ভিত্তিত বৃহস্পতিবাৰে শুভাৰম্ভ কৰা হয়৷
চাবুৱা ডি ডি আৰ মহাবিদ্যালয়ৰ সমীপত ইয়ং ব্লু ক্লাৱ খেলপথাৰত পুৱা ৯ বজাত মটক যুৱ-ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ পৰিবেশ আৰু পৰ্যটন বিভাগৰ সম্পাদক তৰুণ ফুকনৰ লগতে ৮ খন আঞ্চলিক সমিতিৰ সভাপতিয়ে পতাকা উত্তোলন কৰে৷
আনহাতে, ৰজাবাৰীত মটক ৰজা স্বৰ্গদেউ ভগীৰথ গোঁহাই সমাধিস্থলীত মটক যুৱ-ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় সম্পাদক ধৰণী গোঁহাই, কানৈ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড০ জয়কৃষ্ণ মহন্ত, চাবুৱা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শুক্লধৰ ফুকন, চাবুৱা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰসন্ন সোণোৱাল শ্ৰদ্ধাঞ্জলি যাচে৷
চাৰি দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া প্ৰথম বাৰ্ষিক দিবা-নৈশ টেনিচ বল প্ৰাইজমণি ক্ৰিকেট প্ৰতিযোগিতাত ৰাইজৰ ব্যাপক সহাৰি দেখা পোৱা যায়। দিবা-নৈশ টেনিচ বল প্ৰাইজমণি ক্ৰিকেট প্ৰতিযোগিতাত উদযাপন সমিতিৰ সম্পাদক দেৱঝষি চেতিয়াই সকলো ক্ৰিয়াপ্ৰেমী ৰাইজৰ সহায়-সহযোগ উপস্থিতি কামনা কৰে৷