২ বছৰ ৭ মাহ ধৰি হিন্দুৰ ঘৰত মুছলমান, মুছলমানৰ ঘৰত হিন্দুৰ সন্তান

ছিপাঝাৰ/মঙলদৈঃ দৰিদ্ৰ পৰিয়ালৰ যুৱতী সাবিত্ৰীৰ প্ৰেমত পৰিছিল বৰ মানুহৰ সন্তান কন্দৰ্পই। কন্দৰ্পৰ পৰিয়ালে এই কথা গ্ৰহণ কৰিব নোৱাৰি কন্দৰ্পক কলিকতালৈ পঠিয়াই দিছিল পৰিয়ালে৷ সাবিত্ৰীৰ বিয়া আন এজন যুৱকৰ সৈতে থিক কৰে যদিও বিয়াৰ নিশা সাবিত্ৰীয়ে পলাই গৈ আশ্ৰয় লয় ছিৰাজ নামৰ ইছলামধৰ্মী মানুহজনৰ ঘৰত।

ছিৰাজৰ ভগ্নী ফাতেমাই সাবিত্ৰীক গৰ্ভৱতী বুলি অৱগত হয়৷ কিছু দিন পিছত সাবিত্ৰীয়ে কন্যা সন্তানৰ জন্ম দি মৃত্যুক আকোৱালি লয়৷ ছিৰাজ আৰু ভগ্নী ফাতেমাই সাবিত্ৰীৰ কন্যাৰ নাম দিয়ে নুৰ আৰু সীতা। ছিৰাজ আৰু ভগ্নী ফাতেমাই কন্যা সন্তানটোক তালি-তুলি দাঙৰ দীঘল কৰে৷ এই খিনি বৰ্ণনা আছিল ছিৰাজ নাটকৰ হে৷

এই কথা সচা যে, ফণী শৰ্মাৰ ছিৰাজ নাটক দৰে নহলেওঁ যোৱা দুটা বছৰে মুছলমানৰ ঘৰত হিন্দুৰ সন্তান আৰু হিন্দুৰ ঘৰত লালন পালন কৰিছে মুছলমানৰ সন্তানক৷ ছিৰাজ নাটকৰ দৰে ঘটা ঘটনা নহলেওঁ এতিয়া বিপদত পৰিছে দুয়োটা সন্তানৰ পৰিয়ালে৷এই ঘটনা সংঘটিত হৈছে দৰং জিলাত৷ ২০১৫ চনৰ ১১ মাৰ্চত মঙলদৈ অসামৰিক চিকিৎসাালয়ত জন্ম লাভ কৰিছিল দুটি সন্তান৷

দৰং জিলাৰ শ্যামপুৰ বদলিচৰৰ চাহাবুদ্দিন আহমেদৰ পত্নী চালেমা পাৰবিন জন্ম দিছিল এটি পুত্ৰ সন্তান আনহাতে মেনাপাৰা বেজপাৰা গাঁৱৰ অনিল বড়োৰ পত্নী শেৱালি বড়োৱে জন্ম দিছিল এটি পুত্ৰ সন্তানৰ৷ জন্মৰ পিছতে দুয়োটা কেচুৱাক বেবী কক্ষত ৰখা হৈছিল৷ বেবী কক্ষত ৰখাৰ কিছু ঘন্টাৰ অন্তত দুয়োগৰাকী মাতৃৰ কোলাত তুলি দিয়া হৈছিল দুয়োটা কেচুৱা৷ তাৰ পিছত দুয়োটা পৰিয়ালে নিজ নিজ সন্তানক ঘৰলৈ লৈ গৈছিল৷ 

লাহে লাহে সন্তান দুটি ডাঙৰ হবলৈ ধৰাত চাহাবুদ্দিন আহমেদ নামৰ লোকগৰকীয়ে তেওৰ অৱয়ব লক্ষ্য কৰি তেওৰ সন্তানটো চিকিসালয়ত সাল সলনি হোৱা বুলি সন্দেহ কৰিবলৈ আৰম্ভ কৰে৷ তাৰ পিছতে চিকিসালয় কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰাত চিকিৎসালয় কৰ্তপক্ষই গুৰুত্ব প্ৰদান নকৰাত চাহাবুদ্দিন আহমেদে আৰক্ষীৰ ওচৰ চাপে আৰু ২০১৫ চনত এজাহাৰ দাখিল কৰে৷

এজাহাৰৰ ভিত্তিত ন্যায়ালয়ত গোচৰ চলে৷ সুদীৰ্ঘ ২ বছৰ ৭ মাহৰ মূৰকত DNA পৰীক্ষা আৰু আৰক্ষীৰ তদন্তত দুয়োটা পৰিয়ালৰ সন্তান সালসলনি হোৱাৰ কথা পোহৰলৈ আহে শুকুৰবাৰে৷ এই কথা পোহৰলৈ অহাৰ পিছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় মঙলদৈত। এই ঘটনা পোহৰলৈ অহাৰ পিছতে দুয়োটা পৰিয়াললৈ মানবীয় সংকট নামি আহিছে।

যোৱা ২ বছৰ ৭ মাহৰ ইটো পৰিয়ালৰ সন্তান সিটো পৰিয়ালে লালন পালন কৰি আছে৷ বহু পলমকৈ এই ঘটনা পোহৰলৈ অহাত পৰিয়াল দুয়োটাই হাহিবনে নে কান্দিব এনে পৰিবেশৰ সৃষ্টি হৈছে৷ পিতৃ-মাতৃক চিনি পোৱা হোৱা সন্তান দুটাক কেনেকৈ আকৌ সালসলনি কৰিব তাক লৈ আহিব গভীৰ সংকট৷ চিকিৎসকৰ ভুলৰ বাবেই দুটি দেৱ শিশু প্ৰকৃত মাতৃ স্নেহৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। চাহাবুদ্দিন আহমেদ মঙলদৈ আৰক্ষী থানাত তৰা ৯৯০/২০১৫ ১২০(B), ৪২০ ধাৰাৰ গোচৰত এই তথ্য পোহৰলৈ আহে৷ বৰ্তমান আদালতত শুনানী চলি আছে সমগ্র ঘটনা সন্দৰ্ভত।