বিটিচিত ১০০০ কোটিৰ কেলেংকাৰী, তদন্তৰ দাবীত ওদালগুৰিত UPPLৰ প্ৰতিবাদ

ওদালগুৰিঃ বিটিএডিত ব্যাপক দুৰ্নীতিৰ সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি শুকুৰবাৰে বিটিএডিৰ ৪ খন জিলা তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বিটিচিৰ বিৰোধি দল UPPL-এ৷ কেগৰ প্ৰতিবেদনত বিটিচিত ব্যাপক দুৰ্নীতি হোৱা বুলি প্ৰকাশ পোৱাৰ পিছতেই বিটিচিৰ শাসক দল বিপিএফৰ বিৰুদ্ধে প্ৰতিবাদমূখৰ হৈ পৰে UPPL-এ৷  ইউ পি পি এল দলে এই বৃহৎ দুৰ্নীতিৰ তদন্তৰ দাবী উত্থাপন কৰি শুকুৰবাৰে বিটিএডিৰ বিভিন্ন প্ৰান্তত তিনিঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰপায়ণ কৰে।

বিটিচিৰ বিভাগে বিভাগে চলিছে ব্যাপক অনিয়ম-লুণ্ঠন৷ বিটিচিৰ বিভিন্ন বিভাগসমূহত চলিছে ব্যাপক অনিয়ম তথা লুণ্ঠন। কেগৰ প্ৰতিবেদনত প্ৰকাশিত ১৮০কোটি টকাৰ অনিয়মৰ তদন্ত আজি পৰ্যন্ত হোৱা নাই। শাসনাধীস্থ চৰকাৰখনৰ সৈতে মিত্ৰতা থকাৰ বাবে এই অনিয়মসমূহৰ তদন্ত হোৱা নাই বুলি অভিযোগ উত্থাপন কৰে UPPL-এ। ইউনাইটেড পিপলচ পাৰ্টী লিবাৰেল চমুকৈ ইউপিপি(এল)ৰ নেতৃত্বই এনে অভিযোগ উত্থাপন কৰি ওদালগুৰি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত তিনি ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।

প্ৰায় শতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰা ধৰ্ণা কাৰ্যসূচীত বিটিচি তথা অসম চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে দলটোৱে। ধৰ্ণা কাৰ্যসূচীত উপস্থিত থাকি প্ৰতিবাদকাৰীসকলে 'কেগৰ প্ৰতিবেদন তদন্ত হওঁক, বিটিচিত ভিচিডিচি নিৰ্বাচন অনুষ্ঠিত কৰক, বিটিচিৰ সকলো এমচিএলএক সম মৰ্যাদা প্ৰদান কৰক, দুৰ্নীতি বন্ধ কৰক, হত্যা-হিংসা বন্ধ কৰক, ইউপিপি(এল) জিন্দাবাদ শ্ল’গান দি আকাশ বতাহ কপাই তোলে।

প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি ইউপিপি(এল)ৰ সাধাৰণ সম্পাদক প্ৰদীপ কুমাৰ দৈমাৰীয়ে প্ৰায় তিনিমাহ পূৰ্বে কেগৰ প্ৰতিবেদনত ফাদিল হৈ বিচিচিত বিভিন্ন পৰ্যায় যেনে স্কুলীয়া শিক্ষাৰ্থীৰ বিস্কুত, বেগ, সংঘৰ্ষ পীড়িতক আঠুৱা, কৃষকৰ হাল বোৱাৰ নামত প্ৰায় ১৮০কোটি টকা অনিয়মৰ কথা। এই সন্দৰ্ভত ইউপিপি(এল)ৰ এটা ১৪জনীয়া প্ৰতিনিধি দলে বিগত ২৬ নৱেম্বৰ তাৰিখে অসমৰ ৰাজ্যপাল গৰাকীক লগ কৰি এক স্মাৰক পত্ৰ প্ৰদান কৰি সমূহ অনিয়মৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছিল।

কিন্তু চৰকাৰে বিটিচিলৈ তদন্তৰ বাবে এখন পত্ৰ প্ৰেৰণ কৰাৰ বাহিৰে কোনো বিশেষ ব্যৱস্থা গ্ৰহণ নকৰিলে। ইফালে আঞ্চলিক ৰাজনৈতিক সংগঠনটোৱে সংবাদমাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিযোগে দাবী কৰে যে কেৱল কেগৰ প্ৰতিবেদনেই নহয়, বিটিচিৰ প্ৰতিটো বিভাগতে চলি আছে ব্যাপক অনিয়ম। বিটিচিত ২০০৮-০৯ চনৰ পৰা ২০১৩-১৪ চনলৈ ১৪৬৯.০৯ টকীয়া দুৰ্নীতি সংঘটিত হোৱা বুলি দাবী কৰি সংগঠনটোৱে উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰি দোষীক উপযুক্ত শাস্তিৰ দাবী উত্থাপন কৰে।

বিটিচি অঞ্চলত বিগত পোঁন্ধৰ বছৰে কোনো ধৰণৰ পঞ্চায়ত কিম্বা ভিচিডিচি নিৰ্বাচন অনুষ্ঠিত হোৱা না৷ সেয়েহে সংগঠনটোৱে ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ সমান্তৰালকৈ বিটিচি অঞ্চলত ভিচিডিচি নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে দাবী উত্থাপন কৰে। আন এক গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰি দলটোৱে বিটিচি অঞ্চলৰ নিৰ্বাচিত সকলো এমচিএলএয়ে সমানে গুৰুত্ব লাভ কৰা নাই  বুলি কয়৷ গতিকে প্ৰতিগৰাকী বিভিন্ন দলৰ পৰা নিৰ্বাচিত হোৱা এমচিএলএক সমানে গুৰুত্ব প্ৰদানৰ দাবী উত্থাপন কৰে সংগঠনটোৰ কেন্দ্ৰীয় নেতৃত্বই।

ৰাজ্যৰ বিভিন্ন উগ্ৰপন্থী সংগঠনসমূহৰ সৈতে চলি থকা শান্তি আলোচনাৰ বিষয়টো খৰকটীয়া কৰি পৃথক বড়োলেণ্ড সম্পৰ্কে চৰকাৰৰ সৈতে চলি থকা ত্ৰিপাক্ষিক আলোচনাৰ প্ৰক্ৰিয়া দ্ৰুত গতিত আগবঢ়াই নিব লাগে বুলিও তয় দলটোৱে। প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে ইউপিপি(এল)ৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক প্ৰদীপ কুমাৰ দৈমাৰী, উপ-সভাপতি ভ্ৰমণ বাগলাৰীৰ লগতে আঞ্চলিক ৰাজনৈতিক দলটোৰ বহু কৰ্মকৰ্তা।