অপায়-অমংগলৰ পৰা ৰক্ষা পাবলৈ কাৰ্বি পাহাৰত ৰংকেৰ পূজা

খেৰণিঃ কাৰ্বি পাহাৰৰ লোকসকলে পৰম্পৰাগত কাৰ্বি ৰংকেৰ পূজা পালন কৰে শুকুৰবাৰে। বিভিন্ন কাৰ্বি পৰম্পৰা, ৰীতি-নীতি, বিশ্বাসেৰে কাৰ্বি আংলং জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে পশ্চিম কাৰ্বি আংলঙৰ খেৰণি, জেংখা, মাইলু, হাৱাইপুৰ, জেৰিকীন্দেঙ, ডংকামোকাম আদি অঞ্চলত শ-শ লোকৰ সমাগমেৰে ৰংকেৰ পূজা অনুষ্ঠিত হয়৷ কাৰ্বি পৰম্পৰাগত ৰীতি-নীতি আৰু বলি-বিধানেৰে সম্পন্ন কৰা পৰিলক্ষিত হয় ৰংকেৰ পূজা। কাৰ্বিসকলৰ ৰংকেৰ হৈছে এক কৃষিভিত্তিক সমূহীয়া পূজা৷

কৃষি কাৰ্যত মংগল আৰু কৃষি উৎপাদন বৃদ্ধি কামনা কৰি ঝুম খেতিৰ আগমূহূৰ্তত এই পুজা কৰা হয়। অপায়-অমংগল, বেমাৰ আজাৰ, দুৰ্ভিক্ষৰ সময়তো গাঁৱৰ 'হাবে' নতুবা গাঁওবুঢ়াৰ নেতৃত্বত ৰাজহুৱাভাৱে এই পূজা কৰা হয় কাৰ্বি পাহাৰত৷ অৱশ্যে অঞ্চল ভেদে এই ৰংকেৰ পূজা কেবা প্ৰকাৰেৰে পালন কৰা দেখা যায়৷ ৰংকেৰ পূজাৰ ভিতৰত এবিধ ৰংকেৰ হৈছে ৰেকপি বা দেংজা ৰংকেৰ য'ত অতিজত নৰবলি দিয়া হৈছিল বুলিও বিশ্বাস কৰে৷

আনহাতে গৰু-ম'হ অৰ্থাৎ পশুধন পালক সকলেও পোহনীয়া জন্তু বোৰৰ অপায়-অমংগলৰ পৰা বচাবলৈ 'ছকং' ৰংকেৰ পালন কৰে৷ বিভিন্ন প্ৰকাৰৰ পূজা সমূহৰ পূজাস্থলিত কিন্তু মহিলাৰ প্ৰৱেশ সম্পূৰ্ণ নিষিদ্ধ আৰু এই ৰীতি অতীজৰ পৰা আজিও মানি আহিছে কাৰ্বি সমাজে। পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ ফেলাংপিত সংস্কৃতি সম্পৰ্কীয় চাংঘৰ, প্ৰৱেশদ্বাৰ আদিৰ নিৰ্মানেৰে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়৷ তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা ৰংকেৰ পূজাৰ সৈতে সংগতি ৰাখি পৰম্পৰাগত সাংস্কৃতিক খেল-ধেমালিৰ লগতে ৰংকেৰ পূজাৰ উদ্যোক্তাই ফেলাংপিস্থিত ৱাইচং উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে।