কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মাছ মাৰি বিক্ৰী কৰিছিল বৰগছ ৰিজৰ্টত, আটক ৩

কাজিৰঙাঃ চোৰাং চিকাৰীয়ে ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যা কৰি খৰ্গ কাটি নিয়াৰ সময়তে বন বিভাগৰ জালত পৰে তিনি যুৱক৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গোপনে প্ৰৱেশ কৰি ঘাহ কটা, কেমেৰা ভঙা আৰু মাছ মৰাৰ অপৰাধত বৃহস্পতিবাৰে তিনিজন যুৱকক বন বিভাগে আটক কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে, ঘাহ কাটিবলৈ উদ্যানৰ ভিতৰত প্ৰৱেশ কৰি কেমেৰা ভাঙে তিনি যুৱকে৷

এই সমস্ত দৃশ্য বন্দী হৈছিল কেমেৰাত৷ তাৰ পিছতে ফুটেজৰ ভিত্তিত অভিযান চলাই কাজিৰঙা উদ্যানৰ সমীপৰ ৰাজু চাওৰা, বিজয় কুৰুৱা আৰু বিক্ৰম দাস নামৰ তিনিজন লোকক আটক কৰে বনবিভাগে৷ কাজিৰঙাৰ বৰগছ ৰিজৰ্টত হাতী মাউত হিচাপে কাম কৰা লোক কেইজনে প্ৰায়ে অবৈধ ভাৱে ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলত প্ৰৱেশ কৰি হাতীৰ বাবে ঘাঁহ কটাৰ লগতে মাছ মাৰি আনি বৰগছ ৰিজৰ্টত বিক্ৰী কৰা বুলি খোদ স্বীকাৰ কৰে৷

বনবিভাগে বাঘৰ চালচলন পৰ্যবেক্ষন কৰাৰ বাবে স্থাপন কৰা কেমেৰাও ভাঙি পেলা লোককেইজনে৷ কেইজনে ব্যক্ত কৰা মতে তেঁওলোকৰ অবৈধ কাৰ্যকলাপ কেমেৰাত বন্দী হোৱাৰ ভয়ত ভাঙি পেলাই দুটাকৈ কেমেৰা৷ ইতিপূৰ্বেও ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰাৰ লগতে অবৈধ ভাৱে মাছ মাৰি যোগান ধৰিছিল বৰগছ ৰিজৰ্টত৷

কঁহৰা বনাঞ্চলৰ বেঙা বনশিবিৰ এলেকাৰ দায়িত্বত থকা বনকৰ্মীসকল নিয়মীয়া টহলৰ বাবে যোৱাৰ সময়তে সুযোগ বুজি ৰাষ্ট্ৰীয় উদ্যানত প্ৰায় প্ৰতিদিনে প্ৰৱেশ কৰি লোককেইজনে চলাই আহিছে অবৈধ কাৰ্যকলাপ৷ শনিবাৰে লোককেইজনৰ বিৰুদ্ধে অনাধিকাৰ প্ৰৱেশ আৰু চৰকাৰী সম্পত্তি নষ্ট কৰাৰ অভিযোগত গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে৷ আনহাতে বনবিভাগৰ শিথিল নিৰাপত্তা ব্যৱস্থাৰ বাবেই এনে দুস্কাৰ্য সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপন কৰে স্থানীয় লোকে৷