বিলাহী খেতিৰে স্বাৱলম্বিতাৰ পথ দেখুৱাইছে গৰৈমাৰিৰ মতলেবে

গৰৈমাৰীঃ এটা চৰকাৰী চাকৰিৰ বাবে ৰাজ্যৰ লাখ লাখ নিবনুৱাই হাহাকাৰ কৰি ফুৰিছে তেনে সময়তে গ্ৰাম্য এলেকাৰ একাংশ যুৱকে খেতি কৰি পৰিয়াল পোহপাল দি আহিছে।

গ্ৰাম্য এলেকাৰ বহু যুৱকে চন পৰি থকা ভূমিত বিভিন্ন খেতি কৰি স্বাৱলম্বী হোৱাৰ চেষ্টা চলাই সফলো হৈছে। পাচলি খেতি, ধান খেতি, কাঠফুলা খেতি কৰি স্বাৱলম্বী হোৱা দেখা যায়। দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ বৰাখাটত এজন নিবনুৱা যুৱকে বিলাহী খেতিৰে স্বাৱলম্বিতাৰ পথ দেখুৱাবলৈ সক্ষম হৈছে।

গৰৈমাৰীৰ বৰাখাট গাৱৰ মতলেব আলী নামৰ যুৱক জনে চাৰি বছৰ ধৰি বিলাহী খেতি কৰি স্বাৱলম্বী হৈছে। নিজৰ গাঁঠিৰ ধন খৰচ কৰি অতি কষ্টৰে খেতি কৰি আহিছে যদিও যুৱকজনে আজিলৈ লাভ কৰা নাই কোনো চৰকাৰী আঁচনিৰ সুবিধা। 

উল্লেখ্য, কেইবা বিঘা খেতি কৰি যুৱ প্ৰজন্মৰ বাবে আদৰ্শ হৈ পৰা যুৱকজনক গুৰুত্ব পৰ্দান কৰা নাই কৃষি বিভাগে। চাৰি বছৰে যুৱক জনে খেতি পথাৰখন কৃষি বিভাগৰ কোনো বিষয়া-কৰ্মচাৰীয়ে পৰিদৰ্শন তথা সাহায্য, পৰামৰ্শ প্ৰদান কৰা নাই বুলি জানিব পৰা গৈছে।

বিভাগীয় কৰ্তৃপক্ষই কোনোধৰণৰ বীজ-সাৰ, যোগান নধৰাত আজিলৈ খেতিৰ পৰা প্ৰকৃত লাভ কৰিব পৰিব নাই বুলি আক্ষেপ কৰে মতলেব আলীয়ে। কেন্দ্ৰৰ বিজেপি চৰকাৰে দেশৰ কৃষক ৰ বাবে ঘোষণা কৰা বিভিন্ন আচঁনি যে ফুটুকাৰ ফেনত পৰিণত হৈছে সেয়া পুণৰ প্ৰমাণ হয়।

চৰকাৰী সাহায্য অবিহনে মূৰৰ ঘাম মাটিত পেলাই নিজৰ খেতিত উৎপাদিত বিলাহী বজাৰত বিক্ৰী কৰিব লগা হয় কম দামত। যাৰ বাবে অসমৰ কৃষক হতাশ হৈ পৰিছে বুলি কয় মতলেবে।

আনহাতে বিলাহী খেতিত বৰ্তমান কীট-প্ৰতংগৰ পৰা ৰক্ষা কৰিবলৈ কেনেদৰে ৰক্ষা কৰিব তাৰ চিন্তা কৰি কৃষি বিভাগৰ লোকে পৰামৰ্শ দিলে তেওঁ আৰু অধিক আগুৱাই যাব পাৰিব বুলি কয়।

যুৱক মতলেবে কৃষি মন্ত্ৰী তথা বিভাগীয় কৰ্তৃপক্ষক যাৱতীয় সহায়- সহযোগ আগবঢ়াবৰ বাবে অনুৰোধ জনায়।