
নগাঁওঃ বিজেপি এটা সাম্প্ৰদায়িক দল৷ অসমৰ সাতামপুৰুষীয়া একতা আৰু ভাতৃত্ববোধ বিনষ্ট কৰাৰ গভীৰ ষড়যন্ত্ৰত নামিছে বিজেপি দল৷ তেওঁলোকৰ মূল উদ্দেশ্য অসমক বেংগলী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰা৷ অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ সম্প্ৰীতিৰ একতাৰ বান্ধোন আমি কেতিয়াও ভাঙিবলৈ নিদিও ৷ আমি সকলো এক হ’ব লাগিব৷ ধৰ্ম বেলেগ হ’লেও আমি অসমীয়া৷ অসমত আছো৷
এই মন্তব্য সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা চমুকৈ এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলৰ৷ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত টুকটুকীৰ কটহগুৰি মহাবিদ্যালয় খেলপথাৰত শনিবাৰে অনুষ্ঠিত হোৱা এখন বিশাল ৰাজহুৱা সভাত অংশগ্ৰহন কৰি আজমলে লগতে কয় অসমক ধ্বংস কৰাৰ যি ব্লপ্ৰিন্ট বিজেপিয়ে ৰছনা কৰিছে তাক আমি প্ৰতিহত কৰিব লাগিব৷
সেয়ে কংগ্ৰেছ, অগপ, বিপিএফ আদি সকলো ৰাজনৈতিক দলক বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধ হ’বলৈ আহ্বান জনাই এ আই ইউ ডি এফৰ সভাপতি গৰাকীয়ে৷ দলটোৰ নগাঁও জিলা সমিতিৰ সভাপতি মিঞা হুছেইনৰ পৌৰহিত্যত অনুষ্ঠিত সভাখনত দলটোৰ আন এগৰাকী শীৰ্ষ নেতা হাফিজ বছিৰুদ্দিন কাছিমি উপস্থিত থাকি এন আৰ চিৰ সন্দৰ্ভত কোনো প্ৰকৃত ভাৰতীয় নাগৰিকে ভয় খোৱাৰ কাৰণ নাই বুলি উল্লেখ কৰি উচ্চতম ন্যায়ালয়ৰ সঠিক তত্ত্বাৱধানত এখন সুন্দৰ এন আৰ চি প্ৰস্তুত হ’ব আৰু ইয়াত সকলো প্ৰকৃত ভাৰতীয় অন্তভূৰ্ক্ত হ’ব বুলি মন্তব্য কৰে৷ সভাত আব্দুল কাদিৰ কাছিমী, আফিচ ৰছিদুল ইছলাম, আমিনুল ইছলাম, চম্পক কলিতাকে ধৰি দলটোৰ কেইবাজনো কেন্দ্ৰীয় নেতাই ভাগ বক্তব্য আগবঢ়ায়৷