
বোকাজানঃ কাৰ্বি আংলং প্ৰাথমিক শিক্ষক সন্থাৰ শিক্ষক সমাৰোহ অহা ৯ আৰু ১০ জানুৱাৰীত উদযাপন কৰাৰ ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলজ্ক্ষিত হৈছে৷ কাৰ্বি আংলং জিলাৰ বোকাজানত অনুষ্ঠিত হ’ব সমাৰোহ৷ বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে শিক্ষক সমাৰোহ উদযাপন কৰাৰ বাবে ইতিমধ্যে অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে৷
অভ্যৰ্থনা সমিতিয়ে দেওবাৰে এখন সংবাদমেল অনুষ্ঠিত কৰি সমাৰোহৰ কাৰ্যসূচী ৰাজহুৱা কৰে৷ পাহাৰীয়া জিলা কাৰ্বি আংলংৰ অন্যতম শিক্ষক সন্থা কাৰ্বি আংলং প্ৰাথমিক শিক্ষক সন্থাৰ সমাৰোহৰ অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি ছিদ্দিক ৰহমান আৰু সম্পাদক ৰোহিত তাঁতীয়ে ৯ জানুৱাৰীত ১ বজাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শিক্ষক প্ৰতিনিধিসকলক আদৰণি জনোৱাৰ লগতে বিয়লি ২ বজাত প্ৰতিনিধিৰ শিবিৰ মুকলি কৰিব বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কল্যাণ চেতিয়াই বুলি কয়৷
কাৰ্বি আংলং প্ৰাথমিক শিক্ষক সন্থাৰ সভানেত্ৰী লাংটুইপী ৰংপিপীৰ সভাপতিত্বত অনুষ্ঠিত হ’বলগীয়া প্ৰতিনিধি সভা উদ্ধোধন কৰিব কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মাধুৰ্য ঢেকিয়াল ফুকনে৷ সন্ধিয়া ৭.৩০ বজাত গান্ধীবাদী নেতা জনাৰ্দন পাঠক সোঁৱৰণী সাংস্কৃতিক সন্ধিয়া উদ্ধোধন কৰিব কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য জগতছিং ইংতিয়ে৷ সাংস্কৃতিক সন্ধিয়াত গীত পৰিবেশন কৰিব কাৰ্বি আংলং জিলাৰ বিশেষভাৱে সক্ষম জুনুকা টিছ'পিৰ লগতে নজৰুল আমিনে৷
দ্বিতীয় দিনা অৰ্থাৎ ১০ জানুৱাৰীৰ পুৱা ৭ বজাত সন্থাৰ পতাকা উত্তোলন কৰিব সভানেত্ৰী লাংটুইপী ৰংপিপীয়ে আৰু স্মৃতি তৰ্পণ কৰিব উপ-সভানেত্ৰী ৱেলী তিমুংপীয়ে৷ পুৱা ৭.৩০ বজাত বোকাজান মহকুমাৰ অন্তৰ্গত ৮টা খণ্ডৰ প্ৰায় ৮০০ শিক্ষক-শিক্ষয়িত্ৰীৰ অংশগ্ৰহণ তথা বিভিন্ন জাতি-জনগোষ্ঠীৰ কলা-কৃষ্টি প্ৰদৰ্শনৰে শোভা যাত্ৰা উলিয়াব৷ পুৱা ৯ বজাত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা উন্নীতকৰণৰ ক্ষেত্ৰত চৰকাৰ, সমাজ, শিক্ষক-শিক্ষয়িত্ৰীৰ দায়িত্ব আৰু কৰ্তব্যৰ ওপৰত শিক্ষামুলক আলোচনা-চক্ৰত বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক ফণীধৰ ডেকাই উদ্ধোধক আৰু প্ৰাক্তন অধ্যক্ষ সত্যপ্ৰদীপ বৰদলৈয়ে সঞ্চালক ৰূপে থকাৰ লগতে ইষ্টাৰ্ন কাৰ্বি আংলং মহাবিদ্যালয়ৰ প্ৰবক্তা নয়নমণি মেধিয়ে মুখ্য আলোচক ৰূপে অংশগ্ৰহণ কৰিব বুলি অভ্যৰ্থনা সমিতিয়ে জানিবলৈ দিয়ে৷
কাৰ্বি আংলং প্ৰাথমিক শিক্ষক সন্থাৰ সভানেত্ৰী লাংটুইপী ৰংপিপীৰ পৌৰাহিত্যত অনুষ্ঠিত হ’বলগীয়া মুকলি সভাত স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং মুখ্য অতিথি আৰু স্থানীয় বিধায়ক ডাঃ নোমল ম'মিন বিশিষ্টি অতিথি ৰূপে উপস্থিত থকাৰ লগতে সন্মানীয় অতিথি ৰূপে উপস্থিত থাকিব স্বায়ত্ব পৰিষদৰ কাৰ্যবাহী সদস্য জগতছিং ইংতি, মাধুৰ্য ঢেকিয়াল ফুকন, কাৰ্যবাহী সদস্যা কাচ্ছে ৰংপিপী, সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি বাসৱ কলিতাৰ লগতে কাৰ্বি আংলং জিলাৰ বহু বিশিষ্ট ব্যক্তি৷
দুদিনীয়া শিক্ষক সমাৰোহৰ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি কাৰ্বি আংলং প্ৰাথমিক শিক্ষক সন্থাৰ এটি স্থায়ী কাৰ্যালয় গৃহৰ আধাৰশিলা স্থাপন কৰাৰ উপৰিও সমাৰোহত বৰ্তমান প্ৰচলিত শিক্ষা ব্যৱস্থা, শিক্ষক, ছাত্ৰ-ছাত্ৰীৰ সমস্যা, শিক্ষামুলক আলোচনাচক্ৰ আৰু সাংস্কৃতিক কাৰ্যক্ৰম আদি বিভিন্ন কাৰ্যসূচীৰ উপৰি সমাৰোহৰ প্ৰতিটো কাৰ্যসূচী সাফল্যমণ্ডিত কৰি তুলিবলৈ কাৰ্বি আংলংবাসী ৰাইজৰ অকুন্ঠ সহায়-সহযোগিতা আৰু উপস্থিতি সংবাদমেলৰ জড়িয়তে কামনা কৰিছে অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি ছিদ্দিক ৰহমান আৰু সম্পাদক ৰোহিত তাঁতীয়ে৷ সংবাদমেলত অভ্যৰ্থনা সমিতিৰ বিত্ত সম্পাদক নৰেন বৰা, কাৰ্যালয় সম্পাদক আশীষ ৰয়ৰ লগতে সাংস্কৃতিক বিভাগৰ আহ্বায়ক শৈলেন্দ্ৰ গগৈ আৰু নিৰ্মাণ বিভাগৰ আহ্বায়ক অনিল গুপ্তাও উপস্থিত থাকে৷