বনভোজকাৰীৰ নতুন ঠিকনা মৰিয়নীৰ নকচাৰী মৰঙিয়াল

মৰিয়নীঃ শীতৰ আগমণৰ লগে লগে বনভোজ খাবলৈ আৰম্ভ কৰে অসমৰ মানুহে। বিশেষকৈ সকলোৱে এখন সুন্দৰ প্ৰাকৃতিক পৰিৱেশত বনভোজস্থলীত বনভোজ খাবলৈ ইচ্ছা কৰে৷ ৰাজ্যত তেনে ঠাই বহু আছে। কিন্তু ইয়াৰ ব্যতিক্ৰম হল যোৰহাট৷

কাৰন যোৰহটৰ ৰাইজৰ বাবে বনভোজৰ খাবৰ বাবে ঠাই সীমিত। কিন্তু এতিয়া আৰু চিন্তা নাই।কিয়নো জিলাখনৰ  নকচাৰীৰ মৰঙিয়ালত বনভোজৰ বাবে স্থানীয় ৰাইজে সাজু কৰিছে বিশেষ বনভোজস্থলী। পাহাৰৰ মাজত সাজি-কাছি তোলা ঠাইডোখৰত সকলোকে হাতবাউল দি মাতিছে প্ৰকৃতিৰ সৈতে একাত্ম হ'বলৈ।

মৰিয়নীৰ নকচাৰীৰ মৰঙিয়াল গাঁৱৰ চুকাফা আত্ম সহায়ক গোটে নতুনকৈ সাজু কৰা পৰ্যটন স্থলীয়ে পৰ্যটকৰ বিশেষ আকৰ্ষণ লাভ কৰিবলৈ সক্ষম হৈছে। আত্ম সহায়ক গোটৰ প্ৰচেষ্টাত একাংশ নিৱনুৱাই সংস্থাপন লাভ কৰাৰ উপৰিও উক্ত ঠাই ডোখৰৰ আৰ্কষণ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। 

লক্ষণীয় বিষয় এই যে, অসম পৰ্যটন বিভাগ তথা চৰকাৰে বিশেষ পদক্ষেপ ললে ভৱিষ্যতে অসমৰ মানচিত্ৰত নকচাৰী মৰঙিয়াল অঞ্চল পৰ্যটকৰ আকৰ্ষণ কেন্দ্ৰ বিন্দু হৈ উঠিব পাৰে।

পৰ্যটনস্থলী হিচাপে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হোৱাৰ সুবাদতে নতুন বছৰ আৰম্ভ হোৱাৰ লগে লগে বিভিন্ন স্থানৰ পৰা বনভোজকাৰীৰ দলে ভিৰ কৰা পৰিলক্ষিত হৈছে৷ যদি চৰকাৰে গুৰুত্ব প্ৰদান কৰে তেতিয়াহলে খুব কম দিনৰ ভিতৰতে এই ঠাই ডোখৰ এখন পৰ্যটন স্থলীৰ লগতে বনভোজ স্থলীলৈ ৰূপান্তৰ হব সেয়া নিশ্চিত বুলি দাবী কৰিছে আত্ম সহায়ক গোটটোৱে৷