
ঢেকীয়াজুলিঃ ৰাজ্যৰ ১৩খন জিলাত ৩-৬ জানুৱাৰীলৈ তৃতীয় পৰ্যায়ৰ গুণোৎসৱ সুকলমে অনুষ্ঠিত হৈ যায়৷ তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ সামৰণি পৰিল যদিওঁ দুগৰাকী পৰ্যবেক্ষকক সেনা আৰক্ষীয়ে উগ্ৰপন্থীৰ দৰে ব্যৱহাৰ কৰাৰ ঘটনাই ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। গুণোৎসৱৰ বাবেই বিদ্যালয়সমুহো ন-ৰূপত সজাই তুলি সকলো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক, পৰ্যবেক্ষক, আমোলা, বিষয়া সকলো ব্যস্ত হৈ পৰাৰ সময়তে দুগৰাকী প্ৰৱক্তা তথা পৰ্যবেক্ষকক সেনা-আৰক্ষীয়ে অকথ্য নিৰ্যাতন চলোৱাৰ ঘটনা পোহৰলৈ অহাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷
শিক্ষকৰ অভাৱ, বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত প্ৰতিখন বিদ্যালয়ে গুণোৎসৱক যাতে ভাল ফলাফল লাভ কৰিব পাৰে তাকে লৈ ব্যস্ত থকাৰ সময়তে শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি শিক্ষাখণ্ডৰ চাৰিখনকৈ প্ৰাথমিক বিদ্যালয়ত পৰ্যবেক্ষকক হিচাপে দায়িত্ব লৈ নগাঁও জিলাৰ জুৰীয়া কলেজৰ পৰা অহা দুই প্ৰৱক্তাক সেনা আৰু আৰক্ষীৰ হাতত নিৰ্যাতনৰ বলী হ’ব লগা হোৱা অমানবীয় ঘটনাই চিন্তিত কৰি তুলিছে ৰাজ্যবাসীক৷ আৰক্ষীয়ে সকলো সীমা চেৰাই অকথ্য নিৰ্যাতন চলোৱাৰ ঘটনাই শিক্ষা বিভাগকো চিন্তিত কৰি তুলিছে৷
লুটফুৰ ৰহমান আৰু ড০ ছাইফুল ইছলাম এই দুগৰাকী জুৰীয়া কলেজৰ সহকাৰী প্ৰৱক্তাক শিক্ষাবিভাগে গুণোৎসৱৰ বহিঃমূল্যায়ক হিচাপে নিযুক্তি দি পঠাই দিছিল শোণিতপুৰৰ ঢেকীয়াজুলি শিক্ষাখণ্ডৰ অন্তৰ্গত ৰাণী টাপু, গাই টাপু, ফৰ্চে টাপু আৰু তিনটেকীয়া চৰ অঞ্চলৰ মুঠ চাৰিখন প্ৰাথমিক বিদ্যালয়লৈ৷ অতি কষ্টৰে যাত্ৰা কৰি নাৱেৰে ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ দুয়ো প্ৰৱক্তাই উপস্থিত হৈছিল চৰ অঞ্চলটোত৷ গুণোৎসৱৰ এদিন পিছতে চৰত উপস্থিত হয় দুয়োগৰাকী প্ৰৱক্তা৷
দুয়োগৰাকী প্ৰৱক্তাই নিশা চৰৰ এটি পৰিয়ালত থাকে৷ তাৰ এদিন পূৰ্বে চৰৰ পৰা বৃহৎ পৰিমানৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰাৰ লগতে তিনিজন লোককো গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে৷ ৪ জানুৱাৰীৰ নিশা ৩৬ আছাম ৰাইফল আৰু আৰক্ষীয়ে নাটকীয় ভাৱে তিনতেকীয়া চৰত অভিযান চলায়৷ চৰ অঞ্চলত অবৈধ অস্ত্ৰ-শস্ত্ৰ বিছাৰি সেনা-আৰক্ষীয়ে অভিযান চলাই নিশা প্ৰায় ১২ বজাত চমৰ আলীৰ নামৰ লোকজনৰ ঘৰৰ সমীপত মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল হস্ত নিৰ্মিত দুটা আইডি, এটা একনলীয়া বন্দুক, এটা পিষ্টল আৰু তিনিজাঁই সজীৱ গুলী৷ ঘটনা সন্দৰ্ভত চমৰ আলী (৬০) তেঁওৰ পুত্ৰ জাৱেদ আলী (২২) ৰুবুল আমিন (৪৫) নামৰ তিনিগৰাকী লোকক আটক কৰিছিল৷
ইমানলৈ সকলো ঠিকেই আছিল৷ এই অভিযান কালত গুণোৎসৱৰ দায়িত্ব পালন কৰিবলৈ গৈ তিনটেকীয়া চৰত এঘৰ লোকৰ ঘৰত নিশা কটোৱা দুই প্ৰৱক্তাক সেনা আৰক্ষীয়ে লাঞ্চিত কৰাৰ ঘটনাই সৰ্বত্ৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ গুণোৎসৱত পৰ্যবেক্ষক হিচাপে আহি আনৰ ঘৰত শুই থকা দুই প্ৰৱক্তাক বছনাৰ লপৰা উঠাই আনি নানান প্ৰশ্নৰে ব্যতিব্যস্ত কৰাৰ লগতে তেওঁলোকক ব’ম বাৰুদ বনোৱা শিক্ষক বুলি অপমানিত কৰে সেনা-আৰক্ষীয়ে৷ নানান প্ৰশ্ন কৰাৰ লগতে তেওলোকক চৰকাৰে গুমোৎসৱৰ বিষয়া নিযুক্তি দিয়া পত্ৰ কেই খনকো ভুৱা বুলি কোৱাৰ লগতে তেনে নিয়ুক্তি পত্ৰ কিনিব পায় বুলি কয় আৰক্ষী বিষয়াই৷ দুয়ো প্ৰৱক্তাক সেনা-আৰক্ষীয়ে সন্দেহ কৰাৰ পিছত আৰক্ষীক নানান ধৰণে বুজাবলৈ চেষ্টা কৰে যদিও আৰক্ষীয়ে কোনো মানি লবলৈ চেষ্টা কৰা নাছিল৷
নিজৰ নিজৰ পৰিচয় প্ৰত্ৰ, চৰকাৰী নিৰ্দেশনা পত্ৰ প্ৰদৰ্শন কৰাৰ পিচটো এইবোৰ বজাৰত কিনিবলৈ পাই বুলিকৈ তেওঁলোকক আট্টহাস্য, ঠাট্টা, মস্কৰা কৰিছিল৷ সেনা-আৰক্ষীৰ দলটোৱে অতি অমানবীয় ব্যৱহাৰ কৰাৰ অভিযোগে এতিয়া শিক্ষিত সমাজক চিন্তিত কৰি তুলিছে৷ বহু সময় অবান্তৰ কথাৰে মানসিক নিৰ্যাতন চলাই অৱশেষত আৰক্ষীয়ে দুয়োগৰাকী কলেজ শিক্ষকক এৰি থৈ যায়৷ এনেকুৱা এক অবাঞ্চিত পৰিস্থিতিৰ মুখামুখি হৈ দুয়োগৰাকী বিষয়া মানসিক ভাবে ভাঙি পৰে যদিও পুৱাই নিজৰ দায়িত্ব সুকলমে পালন কৰে৷ আনহাতে গুণোৎসৱৰ বিষয়া তথা প্ৰবক্তা দুগৰাকীয়ে সমস্ত ঘটনাৰ ন্যায় বিচাৰি শোণিতপুৰ জিলাৰ উপায়ুক্তক লিখিত আৱেদন দাখিল কৰে৷
চৰকাৰে প্ৰদান কৰা গুণোৎসৱৰ দায়িত্ব পালন কৰিবলৈ আহি সেনা আৰু আৰক্ষীৰ দ্বাৰা নিৰ্যাতিত হোৱা এই দুইগৰাকী প্ৰৱক্তাৰ কাহিনী ফেচবুকৰ জৰিয়তে প্ৰচাৰ হোৱাৰ পিছতে ৰাজ্যৰ দল-সংগঠনৰ লগতে ঢেকীয়াজুলিৰ বিভিন্ন দল-সংগঠনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ শোণিতপুৰ জিলা আমছুৰ সভাপতি ৰহমত আনছাৰীয়ে চৰ অঞ্চলত সেনা-আৰক্ষীয়ে প্ৰৱক্তাক কৰা অমানবীয় ব্যৱহাৰৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে তদন্তৰ জৰিয়তে দোষীক আৰক্ষী বিষয়াক উচিত শাস্তি পৰ্দান কৰাৰ পোষকতা কৰে৷ চৰকাৰৰ প্ৰদান কৰা কৰ্তব্য পালন কৰিবলৈ আহি চৰকাৰৰেই সেনা আৰু আৰক্ষীৰ হাতত লাঞ্চিত হোৱা দুগৰাকী উচ্চ শিক্ষিত লোকে কি দৰে নিৰ্যাতিত হ’ল তাৰ বৰ্ণনাই সকলোৰে চকু কপালত উঠিছে৷ শেহতীয়াকৈ চছিয়েল মিডিয়াত প্ৰৱক্তা দুয়োগৰাকীয়ে সমস্ত ঘটনা প্ৰচাৰ কৰে৷