
ডিব্ৰুগড়ঃ তিনিচুকীয়া-ডিব্ৰুগড় জিলাৰ সীমান্তৰ জলপনীয়া চাহ বাগিচাৰ নলাত ৬ জানুৱৰীৰ কাহিলী পুৱাতে এটা মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছিল অঞ্চলটোত৷ স্থানীয় একাংশ লোকে পুৱাই মৃতদেহটো নলাত পৰি থকা প্ৰত্যক্ষ কৰাত হাহাকাৰ লাগে বাগিচা খনত৷ তিনিচুকীয়া সদৰ অাৰক্ষী থানাৰ অধিনৰ পানীতোলা অাৰক্ষী চকীৰ অন্তৰ্গত চাহ বাগিচা খনত উদ্ধাৰ হোৱা মৃতদেহটো চাবুৱাৰ চেতিয়া পথাৰ গাঁৱৰ বিনোদ ফুকন (৪৫) বুলি চিনাক্ত কৰিছিল আৰক্ষীয়ে৷
মৃতদেহত আঘাতৰ চিন আৰু তেজৰ চেকুৰা লাগি থকাত দুৰ্বৃত্তই হত্যা কৰাৰ সন্দেহ কৰিছিল ৰাইজে৷ অাৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছিল৷ মৃতদেহ প্ৰত্যক্ষ কৰি পৰিয়ালেও সন্দেহ কৰিছিল হত্যা কৰা বুলি। আৰক্ষীয়ে গোপনে চলোৱা তদন্তই ঘটনাৰ ৰহস্য ভেদ কৰিবলৈ সক্ষম হয়৷ ৰাইজ, পৰিয়ালে সন্দেহ কৰাৰ দৰেই বিনোদক হত্যা কৰিছিল তিনি জন লোকে মিলি৷
জানিব পৰা মতে, বিনোদক নিশা ৰাজ পথত খেদি খেদি হত্যা কৰিছিল গীৰচিং কৰ্মকাৰ (১৯), কাৰ্তিক কৰ্মকাৰ (১৯) আৰু শিৱা ভুঞাই (২০)৷ ইতিমধ্যে তিনিওঁ অভিযুক্ত জলপনীয় চাহ বাগিচা বাসিন্দা আৰক্ষীৰ জালত পৰি হত্যা কৰাৰ কথা স্বীকাৰ কৰে৷ দেওবাৰে পুৱাই তিনিচুকীয়া আৰক্ষীয়ে হত্যাকাণ্ডৰ তিনিওঁ অভিযুক্তক ডিব্ৰুগডৰ আৰক্ষীৰ পৰা তদন্তৰ বাবে চমজি লয়৷ তিনিওঁগৰাকী লোকে স্বীকাৰ কৰা মতে, ৫ জানুৱাৰীৰ নিশা তেওলোকে অত্যাধিক মদ্যপান কৰি ৰাজ পথত তহল দি আছিল৷
তেনে সময়তে পথেৰে আহি আছিল বিনোদ ফুকন৷ বিনোদ ফুকনে গীৰচিং কৰ্মকাৰ, কাৰ্তিক কৰ্মকাৰ আৰু শিৱা ভুঞাৰ সৈতে মুখামুখি হয় ৰাজ পথত৷ বিনোদক ৰখিব দি তেওলোকে বিনোদক নানা কথা শুনায়৷ একপ্ৰকাৰ বিনোদৰ ফুকনৰ ওপৰত বীৰত্ব প্ৰদৰ্শন কৰি মদ খাবৰ বাবে ১০ টকা বিছাৰে তিনিওঁৱে৷ ১০ টকাৰ সোধাৰ পিছতে বিনোদৰ সৈতে সংঘাত হয় তেওলোকৰ৷ তৰ্কাতৰ্কি হোৱাত বিনোদক আক্ৰমণ কৰিবলৈ উদ্যত হয়৷
বিনোদে ৰাজ পথত দৌৰিবলৈ আৰম্ভ কৰাত পিছে পিছে খেদি যোৱাৰ ফলত চাহ বাগিচাৰ নলাত পৰে বিনোদ৷ নলাত পৰি থকা অৱস্থাত তিনিওঁজনে নিৰ্মম ভাৱে আক্ৰমণ কৰে প্ৰাণ বায়ু উৰি নোযোৱালৈকে৷ নিৰ্জন পথত নিশাৰ আন্ধাৰত মদৰ ৰাগীত মাতাল হৈ তাণ্ডৱ চলোৱা দস্যু প্ৰকৃতিৰ লোক কেইজনে হাত সাৰিব নোৱাৰিলে৷ আৰক্ষীৰ তদন্তত সকলো ওলাই পৰে৷ চাবুৱা ৰাজহ চক্ৰৰ অন্তৰ্গত চেতিয়া পথাৰ বামচুমনি বিজেপিৰ ১১৯নং বুথ সমিতিৰ কৰ্মী বিনোদ ফুকনৰ হত্যাৰ ঘটনাক বিজেপি নেতা ব্ৰজেন গগৈয়ে গৰিহণা দিয়ে৷ হত্যাকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।