কাৰ্বি পাহাৰৰ এখন গাঁও ৭৫ বছৰীয়া হ’ল

খেৰণিঃ ১৯৪২ চনত বসতি আৰম্ভ কৰা কাৰ্বি আংলং জিলাৰ ডংকামোকাম চহৰৰ সমীপৰ ছাৰ-ছেনত গাঁৱে ৭৫ বছৰ অতিক্ৰম কৰিলে৷ দেওবাৰে ব্যাপক উলাহেৰে হীৰক জয়ন্তী বৰ্ষ উদযাপন কৰে ৰাইজে। কাৰ্বি আংলং জিলাৰ ডংকামোকাম চহৰৰ নিকটৱৰ্তী সকলোৰে পৰিচিত ছাৰ-ছেনত গাঁৱত প্ৰায় অৰ্ধশতাধিক পৰিয়ালে বসবাস কৰি আহিছে৷ গাঁও খনৰ লোকসকলে হীৰক জয়ন্তী বৰ্ষ পালন কৰি আনন্দ-উলাহ প্ৰকাশ কৰে৷

দুদিনীয়া কাৰ্যসূচীৰে হীৰক জয়ন্তী বৰ্ষ উদযাপন কৰে। হীৰক জয়ন্তী উদযাপনৰ পতাকা উত্তোলন কৰাৰ লগতে গাওঁখনক স্থাপন কৰা প্ৰয়াত প্ৰতিস্থাপক চেং ৰংহাং, ছিং ৰংহাং, নৰটেং পাটৰকে আদি কৰি কেইবাগৰাকী লোকৰ সোঁৱৰণত এটি স্মৃতি স্তম্ভ স্থাপন কৰে গাঁওবাসীয়ে। কাৰ্বি নৃত্য-গীত প্ৰতিযোগিতা, খেল-ধেমালি প্ৰতিযোগিতা আদিৰ অন্তত দ্বিতীয় দিনা অৰ্থাৎ দেওবাৰে মুকলি সভা অনুষ্ঠিত হয়।

সভাত মুখ্য অতিথি হিচাপে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাং, কাৰ্বি পৰিষদৰ অধ্যক্ষ হৰেনছিং বে', পৰিষদীয় সদস্য দৰছিং ৰংহাং, ৰামছিং তিমুং, পৰিষদীয় কৃষি বিভাগৰ প্ৰাক্তন বৰ্ড অধ্যক্ষ বিদ্যাছিং টেৰণ উপস্থিত থাকে। সভাতে গাওঁখনৰ সমস্যাসমূহৰ সমাধানৰ বাবে কেবাদফীয়া দাবীৰে এখন স্মাৰকপত্ৰ প্ৰদান কৰে মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাক গাঁওবাসীয়ে।

মুকলি সভাত তুলিৰামে যিদৰে কেইবাটাও পৰিয়ালৰ মৰম-স্নেহ, মিলা-প্ৰীতি, ঐক্যবদ্ধতাই বৃহত্তৰ সমাজ এখনত এখন গাঁৱৰ জন্ম দিব পাৰে ঠিক একেদৰে কাৰ্বি আংলঙত থকা প্ৰতিটো জাতি, ধৰ্ম আৰু বৰ্ণৰ লোকৰ মৰম-স্নেহ, মিলা-প্ৰীতি, সংকল্পবদ্ধ আৰু ঐক্যবদ্ধতাৰ জৰিয়তে কাৰ্বি আংলঙত পাহাৰবাসীয়ে দীৰ্ঘদিন ধৰি দাবী কৰি অহা স্বায়ত্ব শাসিত ৰাজ্য লাভ কৰিব বুলি কয়৷ ঐক্যতাৰে আমি আমাক একেডাল ডোলেৰে বান্ধি নিজকে শক্তিশালী কৰি স্বায়ত্ব শাসিত ৰাজ্য লাভৰ অপ্ৰাণ চেষ্টা চলায় যাব লাগিব বুলি ৰাইজক আহ্বান জনাই তুলিৰামে৷