বৰফাবৃত শুকুলা পাহাৰ, মায়'দিয়াত পৰ্যটকৰ প্ৰৱেশ নিষিদ্ধ কৰিলে প্ৰশাসনে

তিনিচুকীয়াঃ  ভূস্বৰ্গত বুলি কোৱা হয় অৰুণাচলৰ মায়'ডিয়াক। সু-উচ্চ হিমালয়ৰ বুকুত বৰফৰ শুভ্ৰ ছাদৰ। অৰুণাচলৰ ইষ্ট ডিবাং ভেলীৰ অন্তৰ্গত মায়'ডিয়াত এতিয়া পৰ্যটকৰ ভিৰ। অসমৰ শদিয়াৰ পৰা প্ৰায় ৯৩ কিলোমিটাৰ দূৰত্বত অৱস্থিত মায়'ডিয়াৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ এইসময়ছোৱাত যথেষ্ট সংখ্যক পৰ্যটকৰ সমাগম ঘটে।

বিশেষকৈ ডিচেম্বৰ মাহৰ শেষৰ ফালৰ পৰা ফেব্ৰুৱাৰী মাহলৈকে শুকুলা বৰফে আগুৰি ধৰে  মায়'ডিয়াৰ সমগ্ৰ অঞ্চল। বৰফে আবৃত এই দৃষ্টিনন্দন পাহাৰীয়া পৰিবেশৰ বাবেই মায়'ডিয়াক ভাৰতবৰ্ষৰ দ্বিতীয়খন ছিমলা হিচাপে বহুতে স্বীকৃতি দিব খোজে। 

বৰফাবৃত শুকুলা পাহাৰৰ দলিচাত খোজ দি মন প্ৰাণ শিহৰিত হৈ উঠা প্ৰতিজন নাগৰিকেই বুকুত বান্ধি লৈ যায় অলেখ মিঠা স্মৃতি৷ কিন্তু বহুতৰে আধৰুৱা হৈ ৰ’ল বৰফৰ সৈতে খেলা কৰাৰ সেই মিঠা স্মৃতি তথা শিহৰণ৷

তুষাৰপাত আৰু হিমবৃষ্টিৰ বাবে মায়'দিয়াত পৰ্যটকৰ প্ৰৱেশ নিষিদ্ধ কৰিলে প্ৰশাসনে৷ প্ৰকৃতিৰ ৰম্যভূমি খ্যাত বিনন্দীয়া প্ৰকৃতিয়ে পৰ্যটকক হাত বাউল দি মতাৰ সময়তে মায়'দিয়াত পৰ্যটকৰ প্ৰবেশ নিষিদ্ধ কৰিব লগা হয়৷ উত্তৰ পূৰ্বাঞ্চলৰ চিমলা নামেৰে বিখ্যাত মায়'দিয়াত নিতৌ পৰ্যটক আহি আছিল যদিও তুষাৰপাত আৰু হিমবৃষ্টিৰ বাবে পৱেশ নিষিদ্ধ কৰিব লগা হয়৷

পহিলা জানুৱাৰীৰ পৰাই উক্ত ঠাইত দেশী-বিদেশী পৰ্যটকৰ লগতে ৰাজ্যৰ ভিন্ন ঠাইৰ লোকে আহি ভিৰ কৰা মায়'দিয়াত ডিৰাক গেটত পৰ্যটকক ৰখাব লগাত পৰে তুষাৰপাত আৰু হিমবৃষ্টিৰ বাবে৷ উত্তৰ পূৰ্বাঞ্চলৰ চিমলা হিচাপে খ্যাত মায়'দিয়ালৈ ল'ৱাৰ দিবাং ভেলী প্ৰশাসনে তৎকালীনভাৱে বলৱৎ হোৱাকৈ WT বাৰ্তা নং SPD(LDV)/CR-11/2017-18 যোগে পৰ্যটকৰ আগমন নিষিদ্ধ কৰে৷

মায়'দিয়া-হুনলী পথৰ প্ৰায় ৭০ কিঃ মিঃ দূৰত্ব প্ৰবল তুষাৰপাত আৰু হিমবৃষ্টিৰ ফলত সাম্ভাব্য দুৰ্ঘটনা ৰোধ কৰাৰ উদ্দেশ্যে জিলা প্ৰশাসনে এই সিদ্ধান্ত লব লগাত পৰে৷ শদিয়াৰ শান্তিপুৰ আৰু মহাদেৱপুৰস্থিত ডিৰাক গেটত জিলা প্ৰশাসন এই বাৰ্তাই স্বাভাৱিকতে হতাশ কৰি তুলিছে বহু ভ্ৰমণপ্ৰিয় লোকক৷ দুয়োখন গেটে এই বাৰ্তা লাভ কৰাৰ পাছতে ৭ জানুৱাৰীৰ পৰা প্ৰায় কেইবাশ গাড়ী বিমুখ হৈ ঘূৰি আহিব লগীয়া হোৱা বুলি জানিব পৰা গৈছে৷

প্ৰজেক্ট উদয়কৰ বৰ্ডাৰ ৰোডচ অৰ্গেনাইজেশ্বনে সম্প্ৰতি সমগ্ৰ পথৰ বৰফ সমূহ আঁতৰাবলৈ অহৰহ চেষ্টা কৰি আছে যদিও আৰু অধিক বৰফ পৰাৰ আশংকা আছে বুলি কয় প্ৰশাসনে৷ উল্লেখযোগ্য যে প্ৰতিবছৰে ভাৰতৰ দ্বিতীয় চিমলা হিচাপে চিহ্নিত মায়'দিয়ালৈ কেইবা সহস্ৰাধিক পৰ্যটকৰ আগমন ঘটে৷ চিনেমাত দেখা কিম্বা সপোনৰ ৰাজ্যত বৰফৰ স'তে খেলাৰ অলীক কল্পনাক বাস্তৱ ৰূপ দিয়াৰ বাবে প্ৰতিজন ব্যক্তিয়ে বয়সৰ সীমা পাৰ হৈ নষ্টালজিক হৈ পৰে৷

প্ৰতিজন আবাল বৃদ্ধ-বনিতাই নিজকে কল্পনা কৰে চিনেমাৰ একোজন সুদৰ্শন নায়ক-নায়িকাৰ দৰে৷ দূৰ্গম আৰু ওখ-ওখ ঘন সেউজীয়া পাহাৰ পাৰ হৈ যেতিয়া কেউফালে শুভ্ৰ চাদৰে হাতবাউল দি মাতে ক্ষণিকতে যেন কষ্টকৰ যাত্ৰাৰ সকলো দুখ-ভাগৰ নিমিষতে নাইকিয়া হয় আৰু আনন্দত প্ৰতিজনে কিৰিলি পাৰি উঠে৷ প্ৰকৃতিৰ অনুপম সৃষ্টি এই মায়'দিয়াৰ স্মৃতি পৰ্যটকৰ কেমেৰাত বন্দী হৈ যায় যদিও প্ৰতিজন ভ্ৰমণবিলাসী লোকৰে মনত এটা কথাই দোলা দি থাকে সেয়া "সময় পালে পুনৰ তোমাক কোলাত ওমলিবলৈ আহিম মায়'দিয়া।