
চামগুৰিঃ দেওবাৰে নিশা নিজ ঘৰৰ সমীপতে আন্ধাৰৰ সুযোগলৈ দুৰ্বৃত্তই গুলীওৱা ছাইফুল ইছলাম নামৰ লোকজনে অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে৷ প্ৰায় ১৫ ঘন্টা মৃত্যুৰ সৈতে যুজ দি অৱশেষত নগাঁৱৰ পৰা উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ আনি থকাৰ সময়তে মৃত্যু হয় ছাইফুল ইছলামৰ৷ নগাঁও অসামৰিক চিকিত্সালয়লৈ ছাইফুলৰ মৃতদেহ উভতাই নিয়া হয় আৰু মৰণোত্তৰ পৰীক্ষা কৰিব বুলি জানিব পৰা যায়।
নগাঁও জিলাৰ চামগুৰিৰ কাছখাইটিৰ ছাইফুল ইছলাম নামৰ এজন লোকজনক নিজ ঘৰৰ সমীপতে গুলীয়াই হত্যাৰ চেষ্টা কৰাৰ ঘটনাৰ তীব্ৰ চাঞ্চল্য আজিও অব্যাহত আছে৷ দেওবাৰে নিশা কাছখাইটিৰ ব্যৱসায়ী ছাইফুল ইছলামে সন্ধিয়া নিজ ঘৰৰ পৰা কিছু নিলগলৈ ওলাই গৈছিল৷ ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা কেইজনমান লোকে তেওঁৰ পিছ লয়৷ কিছু দূৰ যোৱাৰ পিছতেই পিছ লোৱা লোক কেইজনে ছাইফুলক লক্ষ্য কৰি নিচেই ওচৰৰ পৰা গুলীচালনা কৰে৷
ছাইফুলৰ বুকুত গুলী লাগি মাটিত ঢলি পৰে৷ গুলীৰ শব্দ শুনি মানুহ আতংকিত হৈ ঘৰৰ পৰা কিছু সময় ওলোৱা নাছিল যদিও চিঞৰ-বাখৰ শুনি মানুহ ওলাই আহি ছাইফুলক গুলীবিদ্ধ অৱস্থাত উদ্ধাৰ কৰে৷ ছাইফুল ইছলামক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰে পৰিয়াল তথা ওচৰ চুবুৰীয়াই৷ আনহাতে ছাইফুলে গুলী চালনা কৰা ঘটনাৰ সৈতে জড়িত কাছখাইটিৰে দুজনক চিনাক্ত কৰে।
ধনৰ লেন-দেনৰ বাবেই গুলীচালনা কৰা বুলি সন্দেহ কৰে ৰাইজে৷ পূৰ্বৰে পৰা মাটি-বাৰী সংক্ৰান্তত দুটা পক্ষৰ মাজতে গুলী চালনাৰ ঘটনা সংঘটিত হয়৷ আৰক্ষীয়ে নিশাৰে পৰা গুলীচালনাৰ সৈতে জড়িত পলাতক দুই মূল অভিযুক্ত জনৈক আজিজুল আৰু নাজিৰুলৰ সন্ধানত অভিযান আৰম্ভ কৰে যদিও আটক কৰিবলৈ সক্ষম হোৱা নাই৷