নগাঁৱত শ্ৰমিকৰ হাহাকাৰ, টি কে কোম্পানীয়ে এবছৰে শ্ৰমিকক দিয়া নাই দৰমহা

বঢ়মপুৰঃ মাঘ বিহুলৈ মাজত মাথো কেইটামান দিন থকা অৱস্থাত নগাঁৱত শ্ৰমিকে দৰমহা বিছাৰি প্ৰতিবাদ কৰিব লগা হৈছে৷ কপালৰ ঘাম মাটিত পেলাই কাম কৰা কাম কৰি দৰমহা আদায় নিদিয়াত শ-শ শ্ৰমিকে হাহাকাৰ কৰিব লগা হৈছে৷ শ্ৰম কৰি মজুৰি নোপোৱাত হাহাকাৰ কৰা শ্ৰমিকে মজুৰি বিছাৰি আৱেদন কৰি অহাৰ পিছতো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে টি কে ইঞ্জিনিয়াৰিং কনচ’ৰটিয়াম প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোৰ বিৰুদ্ধে৷

ৰাষ্ট্ৰীয় ঘাইপথ পুণৰ মেৰামতি তথা চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাই পথৰ নিৰ্মাণৰ ঠিকা লাভ কৰা কোম্পানীটোৱে শ্ৰমিকক ঠগ-প্ৰৱঞ্চনা কৰাৰ অভিযোগ উত্থাপন হৈছে৷ কোম্পোনীত কাম কৰা শ্ৰমিকসকলে জাঙুৰ খাই উঠিছে কোম্পানী কৰ্তৃপক্ষৰ বিৰুদ্ধে৷ ৰাষ্ট্ৰীয় ঘাই পথৰ নগাঁও জিলাৰ উৰিয়া গাঁঁও-কলিয়াবৰ অংশত কাম কৰা শ্ৰমিকে পাৰিশ্ৰমিক বিছাৰি আৱেদন কৰি অহাৰ পিছতো গুৰুত্ব প্ৰদান নকৰাত শনিবাৰৰ পৰা অনিৰ্দিষ্ট কাললৈ বন্ধৰ ঘোষণা কৰিছিল নগাঁৱৰ পৰা কলিয়াবৰ সংযোগী চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাই পথ নিৰ্মাণৰ কাম৷

আনহাতে, কোম্পানীটোৰ কাৰ্যালয়টো বন্ধ কৰি দিয়ে শ্ৰমিকসকলে। দুই শতাধিক শ্ৰমিক-ঠিকাদাৰে কোম্পানীৰ কাৰ্যালয়ৰ সন্মুখত টায়াৰ জ্বলাই তলা ওলমাই দিয়ে টি কেকোম্পানীৰ ভেলগুৰিৰ কাৰ্যালয়ত। শ্ৰমিকসকলে প্ৰতিবাদ কৰি থকাৰ সময়ত ৰহস্যজনক ভাবে এজনো বিষয়-ববীয়া উপস্থিত নাছিল কাৰ্যালয়ত। চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাই পথ নিৰ্মাণৰ কামত নিয়োজিত শ্ৰমিক-ঠিকাদাৰসকলক চূড়ান্ত ভাৱে প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন হৈছে কোম্পনীৰ বিৰুদ্ধে।

জানিব পৰা মতে, ৱাটছএপ গ্ৰুপত শ্ৰমিক-ঠিকাদাৰৰ পাপ্য ধন সম্বলিত চেকৰ ফটো প্ৰেৰণ কৰিয়েই দায়িত্ব সামৰিছে টি কে কোম্পানীয়ে। এবছৰতকৈও অধিক কাল শ্ৰমিকৰ প্ৰাপ্য মজুৰি তথা ঠিকাদাৰসকলক ধন দিয়া নাই টি কে নামৰ নিৰ্মাণৰ কাম কৰা গোষ্ঠীটোৱে৷ বিভাগৰ এজন বিয়াগোম বিভাগ মন্ত্ৰী থকাৰ পিছতো কি দৰে এই বিতৰ্কিত ব্যৱসায়ীক গোষ্ঠীটোৱে শ্ৰমিকক দৰমহা আদায় নিদিয়াকৈ আছে তাকে লৈ উত্থাপন হৈছে প্ৰশ্ন৷ সমগ্ৰ বিষয়টোক গুৰুত্ব সহকাৰে লবলৈ চৰকাৰক দাবী জনাই ভুক্তভোগী শ্ৰমিক-ঠিকাদাৰসকলে৷