পাঁচনৈত দলং নিৰ্মাণৰ দাবীত ৪খন গাঁৱৰ ৰাইজৰ উত্তাল প্ৰতিবাদ

লালুকঃ উন্নয়ণৰ প্ৰতিশ্ৰুতি দি দিছপুৰৰ গাদী দখল কৰা মিত্ৰ জোঁটৰ চৰকাৰৰ বিৰুদ্ধে এতিয়া ৰাইজে প্ৰতিটো ক্ষেত্ৰতে প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে৷ পথৰ উন্নয়ণ, দলং নিৰ্মাণ, খোৱাপানী যোগান, শিক্ষা, স্বাস্থ্য সেৱাৰ উন্নয়ণৰ বাবে প্ৰতি দিনেই প্ৰতিবাদ কৰিব লগা হৈছে ৰাইজে৷

প্ৰতিবাদ নকৰিলে যেন চৰকাৰে গমেই নাপায় উন্নয়ণ যে কৰিব লাগিব৷ তাৰ মাজতে, লখিমপুৰৰ পাঁচনৈত পথৰ দুৰৱস্থাৰ ফলত অতিষ্ঠ কেইবা খনো গাঁৱৰ লোকে সোমবাৰে পুৱাই ওলাই আহিল ৰাজ পথলৈ৷ লখিমপুৰৰ পাঁচনৈত ৪খন গাঁৱৰ ৰাইজে ৰাজ পথলৈ ওলাই আহি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

পাঁচনৈ আৰু গোৱৰীশালি গড়কাপ্তানী পথত দলং নিৰ্মাণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে। মুখ্যমন্ত্ৰী আৰু নাওবৈচা সমষ্টিৰ বিধায়কৰ প্ৰতিকৃতি দাহ কৰি ক্ষোভিত হৈ পৰে ৰাইজে৷ ২০১৫ চনতে নিৰ্মাণৰ কাম আৰম্ভ কৰা দলং আজিলৈ নিৰ্মাণ সমাপ্ত কৰিব নোৱাৰাত ক্ষোভিত ৰাইজে সোমবাৰে ৰাজ পথলৈ ওলাই আহি শীঘ্ৰে দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ দাবী জনায়৷