ভৈৰৱকুণ্ডত সীমান্ত এলেকা অনুষ্ঠানত গীত-নৃত্যৰ অপূৰ্ব সমাহাৰ

গুৱাহাটীঃ ওদালগুৰি নগৰৰ পৰা ২৪ কিঃ মিঃ উত্তৰে প্রাকৃতিক সৌন্দৰ্য্যৰ ভৰপুৰ ৰম্যভূমি খ্যাত ওদালগুৰি জিলাৰ অসম-অৰুণাচল প্ৰদেশ-ভূটান সীমান্তৱৰ্তী ভৈৰৱকুণ্ডত দেওবাৰে এদিনীয়া কাৰ্যসূচীৰে সীমান্ত এলেকা অনুষ্ঠান অৰ্থাৎ বৰ্ডাৰ এৰিয়া প্ৰ'গ্ৰাম অনুষ্ঠিত হৈ যায়।

ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ উত্তৰ পূৱ মাণ্ডলিক সাংস্কৃতিক কেন্দ্ৰ ডিমাপুৰৰ উদ্যোগত আৰু ওদালগুৰি ভালেন্টেৰী এক্সন চ'ছাইটিৰ সৌজন্যত ত্ৰি-সীমান্তৱৰ্তী অঞ্চলটোৰ জনসাধাৰ‌ণৰ মাজত শান্তি-সম্প্ৰীতি, সাংস্কৃতিক বিনিময়, একতা আৰু সংহতি প্ৰতিষ্ঠাৰ উপৰিও দেশৰ পৰ্যটন মানচিত্ৰত এক সুকীয়া স্থান দিয়াৰ উদ্দেশ্যে এই সীমান্ত এলেকা সাংস্কৃতিক মহোৎসৱৰ আযোজন কৰা হয়। প্ৰতিটো বছৰে প্ৰকৃতিৰ ৰম্যভূমিত খ্যাত ভৈৰৱকুণ্ডত আপোন পাহৰা হ’বলৈ হাজাৰ হাজাৰ লোক আহে।

ইন্টাৰনেটৰ যুগত মানুহ যন্ত্ৰৰ দৰে হৈ পৰিছে এই কথা সকলোৱে উপলদ্ধি কৰিব আৰম্ভ কৰিছে। কংক্ৰিটৰ মহানগৰত বাস কৰি তথা ব্যস্ত থাকি আপুনি-মই সেউজীয়া কি সেয়া পাহৰিয়ে পেলাইছো। ব্যস্ত জীৱনটোত উশাহ লবলৈ পাহৰিছে মানুহে৷ প্ৰকৃতিৰ ৰম্য ভূমি খ্যাত ভৈৰৱকুণ্ডলৈ প্ৰকৃতিৰ বিনন্দীয়া পৰিৱেশৰ মাজত আপোন পাহৰা হ’বলে ভৈৰৱকুণ্ডত আহে মানুহ।

ভূটান পাহাৰৰ বুকু ফালি বৈ অহা নদী খনে, ওখ ওখ সেউজীয়া পাহাৰ-শুভ্ৰ শিল, গছবােৰে আপোনাক আপোন পাহৰা কৰে মানুহক। ক্ষন্তেকৰ বাবে হলেও প্ৰকৃতিৰ সৈতে একাত্ম হ’বলৈ সীমান্ত এলেকা অনুষ্ঠান অৰ্থাৎ বৰ্ডাৰ এৰিয়া প্ৰ'গ্ৰামত সমবেত হ’ল বহগু লোক৷ অনুষ্ঠানত জনগোষ্ঠীয় বিভিন্ন বাৰেৰহনীয়া লোকনৃত্য আৰু সংগীতৰ মূৰ্চনাই প্ৰকৃতিৰ অপূৰ্বভূমি ভৈৰৱকুণ্ডৰ আকাশ বতাহ মুখৰিত কৰে৷

সীমান্তবাসী আৰু বনভোজ খাবলৈ অহা হাজাৰ হাজাৰ লোকক বিমুগ্ধ কৰিবলৈ সক্ষম হয় এই অনুষ্ঠানে। অনুষ্ঠানত মধ্য প্ৰদেশৰ বাধাই নৃত্য, উত্তৰ প্ৰদেশৰ ধেদিয়া-দাণ্ডিয়া নৃত্য, টংলাৰ ৰাভা নৃত্য, উড়িশাৰ শংখ বাদ‌ন নৃত্য, ওদালগুৰিৰ আদিৱাসী নৃত্য, মেঘালয়ৰ লেৱাটানা নৃত্য, ওদালগুৰিৰ চান্থালী নৃত্য, মিজোৰামৰ ছলাকিয়া নৃত্য, আৰু ৰৌতাৰ বড়ো বৰদৈচিলা‌ নৃত্য প্ৰদৰ্শণ কৰা হয়।