
মাৰ্ঘেৰিটাঃ যোৱাটো বৰ্ষৰ ১ এপ্ৰিলৰ পৰা অটল অমৃত যোজনাৰ কাম দ্ৰুত গতিত চলি থকা পৰিলক্ষিত হৈছে৷ চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ জনকল্যাণকামী আঁচনি অটল অমৃত অভিযানৰ হিতাধিকাৰীসকলৰ চিকিৎসাৰ সাহায্য সহায়ৰ বাবে চৰকাৰে দৰিদ্ৰ, শ্ৰমিক, খাটিখোৱা, মধ্যবিত্ত লোকৰ সহায়ৰ বাবে এই আঁচনি ৰূপায়ণ কৰিছে৷
দেশৰ একাংশ জনসাধৰণ এই আঁচনিখনৰ জৰিয়তে লাভান্বিত হোৱা পৰিলক্ষিত হৈছে ৷ দৰিদ্ৰ লোকে যাতে জটিল ৰোগ সমূহৰ চিকিৎসা সহজতে কৰিব পাৰে তাৰ বাবে এই আঁচনি ৰূপায়ণ কৰে৷ হৃদ ৰোগ, কৰ্কট ৰোগ, বৃক্কজনিত ৰোগ, নৱজাতকৰ ৰোগ, জুইয়ে পোৰা আৰু স্নায়বিক ৰোগ চিকিৎসা কৰাত সহায়ৰ বাবে চৰকাৰে এই আঁচনি ৰূপায়ণ কৰে৷ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ লেখাপানীত অটল অমৃত যোজনাৰ প্ৰ-পত্ৰ পূৰণৰ লগতে হিতাধিকাৰীক স্মাৰ্ট কাৰ্ডৰ বিতৰণো দ্ৰুত গতিত চলি থকা পৰিলক্ষিত হৈছে৷

লাভ কৰিছে একোজনকৈ হিতাধিকাৰীয়ে একোখনকৈ স্মাৰ্ট কাৰ্ড৷ কিন্তু তিনিচুকীয়া জিলাত স্মাৰ্ট কাৰ্ডত দেখা দিয়া বিসংগতিয়ে এতিয়া চকু কপালত তুলিছে বহু লোকৰ৷ কোনোখন স্মাৰ্ট কাৰ্ডত যদি নাম আৰু জন্মৰ দিন-বাৰ ভুলকৈ প্ৰিন্ট হৈ আহিছে আন কোনোবা খনত পুৰুষৰ ঠাইত মহিলাৰ ফটো প্ৰিন্ট হৈ আহিছে৷
যাৰ বাবে বিপদত পৰিছে একাংশ লোক৷ তিনিচুকীয়া জিলাৰ লেখাপানী গাঁও পঞ্চায়তৰ অন্তৰ্গত টিৰাপগেটৰ নিৱাসী ৰাজলক্ষ্মী ডেকা আৰু তেওঁৰ স্বামী বণীকান্ত ডেকাৰ দুয়োখন স্মাৰ্ট কাৰ্ডত ফটোৰ ক্ষেত্ৰত বিংসগতিয়ে দেখা দিয়াৰ লগতে বহু লোকৰ এনে বিসংগতি ধৰা পৰে৷ ইপিনে, ২৪X৭ বিনামূলীয়া সহায়ৰ বাবে কাৰ্ডত উল্লেখ থকা ১৮০০১০২৭৪৮০ নম্বৰত ফোন কৰিলে যোগাযোগ কৰা সম্ভৱ হৈ উঠা নাই বুলি জানিব পৰা গৈছে৷