
গুৱাহাটীঃ প্ৰচণ্ড শীতৰ কবলত আমাৰ ৰাজ্য অসম৷ সৰ্বনিম্ন শীতে হয়তো এইবেলি ৰেকৰ্ড গঢ়িলে৷ আজিও শীতৰ প্ৰকোপ ১০ ডিগ্ৰী তললৈ নামিছে বুলি জানিব পৰা গৈছে৷ ঘন কুঁৱলীৰ আচ্ছাদনে আকাশ যেন মেঘাচ্ছন্ন কৰি ৰাখিছে ৰাজ্যৰ বহু ঠাই৷ কিন্তু তাৰ মাজতে গুৱাহাটী মহানগৰীত মঙলবাৰৰ পুৱাৰে পৰা সূৰ্য দেৱতাই ভূমুকি মাৰি কিছু হলেওঁ শীকৰ প্ৰকোপৰ পৰা ৰক্ষা কৰিছে মহানগৰবাসীক৷
কেৱল অসমতে নহয় চুবুৰীয়া দেশ বাংলাদেশ, ভূটান, চুবুৰীয়া ৰাজ্য মেঘালয়, ত্ৰিপুৰা, অৰুণাচলত ইতিহাসত হয়তো ইমান ঠাণ্ডা পূৰ্বে পৰা নাছিল৷ বছৰৰ প্ৰথমটো দেওবাৰ আৰু সোমবাৰে সৰ্বনিম্ন ঠাণ্ডাই মানুহক চিন্তিত কৰি তোলে৷
যোৱা ৪৮ ঘন্টা শীতে মানুহক কাবু কৰি ৰাখিছিল৷ যোৱা দুটা দিনত অস্বাভাৱিক ভাৱে ঠাণ্ডা নামি আহিছিল৷ যোৱা ৪৮ ঘন্টাত মানুহ বাহিৰলৈ কমকৈ ওলাই অহাৰ লগতে দোকান, পোহাৰ, বজাৰ, সামৰতো মানুহৰ ভিৰ কম দেখা গৈছিল৷ গুৱাহাটী মহানগৰীত ১০ ডিগ্ৰীৰ তললৈ তাপমাত্ৰা নামি অহাত ঘৰতে থাকিবলৈ বাধ্য হৈছিল বহু লোক৷ কিন্তু মঙলবাৰে পুৱাৰে পৰা বেলি ওলাই ৰদ দিয়াত হে সকাহ পায় মহানগৰবাসীয়ে৷ কাঠ, বাঁহ খৰিৰে জুইৰ উমলৈ হে প্ৰচণ্ড শীতৰ পৰা পৰিত্ৰাণ পাবলৈ চেষ্টা কৰে ৰাইজে৷