
দলংঘাটঃ যোৱা কেইবাটা বছৰত অসমৰ যুৱ প্ৰজন্মই চছিয়েল মিডিয়া যোগে সাহিত্য চৰ্চা, জনমত গঢ়াৰ লক্ষ্যৰে নানান বিষয়ৰ আলোচনা-বিলোচনা কৰা দেখা যায়৷ ৰাজ্য খনৰ উদীয়মান যুৱক-যুৱতীয়ে ফেচবুক, ৱাটছএপ গ্ৰুপ আদিত বিশেষ ভাৱে সাহিত্য চৰ্চা তথা প্ৰতিভা বিকাশ কৰে। বিশেষকৈ ফেচবুকৰ জৰিয়তে অসমৰ বিভিন্ন প্ৰান্তৰ বহু কবি, লেখক-লেখিকা একত্ৰিত হৈ ফেচবুকৰ জৰিয়তে কৰি আহিছে সাহিত্য চৰ্চা৷
তেনেই এটা চছিয়েল মিডিয়াৰ গ্ৰুপ হৈছে দৃষ্টি৷ চছিয়েল মিডিয়াৰ দৃষ্টি গ্ৰুপে দৰং জিলাৰ দেওমৰনৈত দেওবাৰে অনুষ্ঠিত কৰে অন্তৰংগ আলাপ অনুষ্ঠান৷ দৰঙৰ দেওমৰনৈ কুমাৰপাৰা প্ৰাথমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত অন্তৰংগ অনুষ্ঠান সঞ্চালনা কৰে দৰং জিলা পৰিষদৰ জিলা প্ৰকল্প প্ৰৱন্ধক বনমালী শৰ্মাই।
অনুষ্ঠানত গুৱাহাটী ৰাধা গোবিন্দ বৰুৱা মহাবিদ্যালয়ৰ উপাধ্যক্ষ জ্ঞানজ্যোতি শৰ্মা, গুৱাহাটীৰ শংকৰদেৱ কলেজ অৱ এলাইদ চাইন্সৰ সঞ্চালক ড০ সৰ্বানন্দ শৰ্মা, অসমৰ শিশু আৰু মহিলা উন্নয়নৰ পৰিচালিকা মিনাক্ষী দেৱী, সদৌ দৰং জিলা ছাত্র সন্থাৰ সভাপতি খনিন্দ্র ৰাজবংশী, মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ সদস্য পৰান তালুকদাৰ উপস্থিত থাকে।
অনুষ্ঠানত উপস্থিত থকা লোকসকলে চছিয়েল মিডিয়াত জৰিত হোৱাৰ অভিজ্ঞতা ব্যক্ত কৰে। দৰং জিলা ছাত্ৰ সন্থাৰ উপ-সভাপতি নিৰঞ্জন শইকীয়াই আঁত ধৰা অনুষ্ঠানত ড০ সৰ্বানন্দ শৰ্মা সম্বৰ্ধনা জ্ঞাপন কৰে। চছিয়েল মিডিয়াৰ ব্যাপক ব্যৱহাৰক সমাজৰ ভালৰ বাবে অৱদান আগবঢ়াব পৰা যাব পৰা কাম কৰিবলৈ আহ্বান জনায়৷