
ওদালগুৰিঃ সদৌ অসম ছাত্ৰ সন্থাৰ আগশাৰীৰ আঞ্চলিক সমিতি ওদালগুৰি আঞ্চলিক সমিতিৰ সপ্তদশ বাৰ্ষিক অধিৱেশন সোমবাৰৰ পৰা ওদালগুৰি শ্বহীদ ভৱনত অনুষ্ঠিত হয়। বহু জল্পনা-কল্পনাৰ অন্তত মঙলবাৰে আঞ্চলিক সমিতি নতুনকৈ গঠন কৰা হয়৷ আঞ্চলিক সমিতিৰ সভাপতি-সাধাৰণ সম্পাদক পদৰ বাবে ব্যাপক গুণগঠা চলি আছিল যদিও মঙলবাৰে সকলো গুণগঠাৰ অন্ত পৰে৷
সভাপতি-সাধাৰণ সম্পাদক পদৰ বাবে কেইবাগৰাকী ছাত্ৰ নেতাই কুচকাৱাজ চলাই থকা বুলিও জানিব পৰা গৈছিল৷ মঙলবাৰে পুৱা প্ৰতিনিধি সভা আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সহঃ সাধাৰণ সম্পাদক জয়ন্ত কুমাৰ ভট্টাচাৰ্যই সদৌ অসম ছাত্ৰ সন্থাৰ ভৱিষ্যৎ কাৰ্যপন্থা, চৰকাৰৰ অসমীয়া বিৰোধি স্থিতি সন্দৰ্ভত ভাষণ প্ৰদান আছুৰ প্ৰতিগৰাকী সদস্যই মাৰ বান্ধি থিয় দি জাতীটোৰ হকে কাম কৰিব লাগিব বুলি কয়৷
আছুৰ ৰাজ্যিক কাৰ্যনিৰ্বাহ বিতোপন দাসে বিটিএডিত বসবাস কৰা প্ৰতিজন লোকে সম উন্নয়ণ, সম অধিকাৰ বিকাশ লাভ কৰিব লাগিব বুলি কয়। সভাত উপস্থিত থাকে সদৌ ওদালগুৰি জিলা ছাত্ৰ সন্থাৰ সভাপতি প্ৰাঞ্জল পাটোৱাৰী, সাধাৰণ সম্পাদক ছাইফুল হক। জিলা ছাত্ৰ সন্থাৰ উপ-সভাপতি অপূৰ্ব শৰ্মা, সহঃ সাধাৰণ সম্পাদক কিশোৰ বৰা, মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বিপুল লহকৰ পৰ্যবেক্ষক হিচাপে উপস্থিত থকা প্ৰতিনিধি সভাত ৭১ জনীয়া ওদালগুৰি আঞ্চলিক সমিতি গঠন কৰা হয়।
অভিজিৎ কলিতাক সভাপতি, মানস নাথ, গুণজিৎ মহন্ত, কৌশিক দাস, বিকাশ দাসক উপ-সভাপতি, ৰাজদ্বীপ দাসক সাধাৰণ সম্পাদক, কুলদ্বীপ দাস, ত্ৰীদীপ পাঠক, জিতেন ডেকা, অৰ্ণব জান ওজাক সহঃ সাধাৰণ সম্পাদক, গৰিমা জে তালুকদাৰক শিক্ষা সম্পাদিকা, জিন্তিমণি দাসক সাংস্কৃতিক সম্পাদিকা, লুইত ওজাক ক্ৰীড়া সম্পাদক, বৰষা দেউৰীক সাহিত্য সম্পাদিকা হিচাপে লৈ ৭১জনীয়া শক্তিশালী সমিতি গঠন কৰা হয়।
সমিতিখনে আগন্তুক দিনত সংগঠনটো শক্তিশালী কৰি স্থানীয় সমস্যাসমূহ সমস্যা সন্দৰ্ভত মাত মাতি যাব বুলি স্পষ্ট কৰে৷ স্মৰ্তব্য যে, যোৱা ১৮ নৱেম্বৰত সমিতিখনৰ ভাৰপ্ৰাপ্ত সভাপতি আৰু সাধাৰণ সম্পাদকে অব্যাহতি লৈছিল সংগঠনটোৰ পৰা। তাৰ পিছতে নতুন সমিতিৰ গঠনৰ লগতে অধিবেশনৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে সংগঠনটোৱে৷