আৰক্ষীৰ প্ৰহাৰত আচামীৰ মৃত্যুৰ অভিযোগ, ধূলাত ৰাজ পথ অৱৰোধ, থানা ঘেৰাঁও

খাৰুপেটীয়াঃ দৰং জিলাৰ ধূলা আৰক্ষীয়ে আটক কৰা এগৰাকী লোকৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি উত্তাল পৰিস্থিতিৰ সৃষ্টি হয়৷ মঙলবাৰে নিশা শ্ৰমিক হিচাপে কাম কৰা হাচান আলী নামৰ যুৱকজনে কাম কৰি ঘৰলৈ অহাৰ পিছতে আৰক্ষীয়ে আটক কৰিছিল৷

আৰক্ষীয়ে আটক কৰি বেয়াকৈ প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হয়৷ কেৱ ইমানে নহয় আৰক্ষীয়ে লোকজনক পানীত তিয়াই প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হয়৷ তাৰ পিছতে নিশাই যুৱকজনৰ মৃত্যু হোৱা বুলি প্ৰচাৰ হোৱাত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় ধূলা অঞ্চলত৷ প্ৰথমে লোকজনক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও পিছলৈ গুৱাহাটীলৈ আনি আইচিইউত ৰখা বুলি দাবী কৰে ৰাইজে৷

আনহাতে, হাচান আলী নামৰ যুৱক জনৰ প্ৰকৃততে কত’ আছে সেই কথা এতিয়াওঁ স্পষ্ট নহয় বুলি জানিব পৰাৰ লগতে মৃত্যু হোৱাৰ বাতৰিওঁ আৰক্ষীয়ে স্পষ্ট কৰা নাই৷ কিন্তু নিশাৰে পৰা উত্তেজনাই বিৰাজ কৰি থকা ধূলাত পুৱাই হাজাৰ হাজাৰ লোক ৰাজ পথলৈ ওলাই আহে৷ ৰাজ পথত টায়াৰ জ্বলাই পথ অৱৰোধ কৰাৰ লগতে ধূলা থনা গেলাই কৰে৷ আমছুৰ নেতৃত্বত হাজাৰ হাজাৰ লোকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি দোষী বিষয়াক শাস্তি দিয়াৰ দাবী জনায়। ৰাজ পথ অৱৰোধ, ধূলা থানা ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাত শ-শ যান-বাহন পথত ৰৈ থাকিব লগা হয়৷