ধূলাত আৰক্ষীৰ গুলীত প্ৰতিবাদকাৰীৰ মৃত্যু, শিলাবৰ্ষণত গুৰুতৰ ভাৱে আহত ২ আৰক্ষী বিষয়া

মঙলদৈ/খাৰুপেটীয়াঃ দৰং জিলৰ ধূলাত আৰক্ষীৰ গুলীত এগৰাকী প্ৰতিবাদকাৰীৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে৷ আৰক্ষীয়ে শূণ্যত গুলী ফুটাই প্ৰতিবাদকাৰীক খেদাৰ চেষ্টা কৰাৰ সময়তে মহিদুল ইছলাম নামৰ এজন প্ৰতিবাদকাৰৰী দেহত গুলী লাগি মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। আনহাতে প্ৰতিবাদৰাকীয়ে শিলাবৰ্ষণ কৰাত দৰং জিলাৰ আৰক্ষীৰ শীৰ্ষ বিষয়া দেৱাজ্ঞন শৰ্মা, চন্দন গোস্বামী ধ্ৰুৱ বৈশ্য গুৰুতৰ ভাৱে আহত হয়। বিষয়া দুগৰাকীয়ে চিকিসালয়ত ভৰ্তি কৰিব লগা হয়৷

যোৱা ৮ ঘন্টা ধৰি উত্তেজনাই শাম কটা নাই দৰং জিলাৰ ধূলাত৷ ৰাজ পথ আৰু ধূলা আৰক্ষী থানা ঘেৰাও কৰি ৰাখা হাজাৰ হাজাৰ উত্তেজিত লোকে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে লাঠিচলানা কৰাৰ লগতে শূণ্যত গুলী ফুটুৱাৰ ফলত হাজাৰ লোক ছত্ৰ ভংগ দিবলৈ বাধ্য হয়। পুৱাৰে পৰা উত্তেজনাই বিৰাজ কৰা ধূলাত বহু পলমকৈ অৰ্ধসামৰিক বাহিনী মোতায়ান কৰে প্ৰশাসনে৷ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে লাঠিচালনা কৰাৰ লগতে শূণ্যলৈ গুলীচালনা কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা চলাই৷

ৰাজপথ অৱৰোধ, ধূলা থানা ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰা হাজাৰ হাজাৰ লোকক বুজনি দি আঁতৰাবলৈ সক্ষম নোহোৱাত আৰক্ষীয়ে ৰুদ্ৰ মূৰ্তি ধৰে আৰক্ষীয়ে৷ শূণ্যলৈ গুলীচালনা কৰে নিৰাপত্তাৰক্ষীয়ে। আনহাতে আহত হয় গোলাম ইস্তামা, গুলেৰ ৰেহেনা, গোলাপ মূস্তাফা নামৰ আন তিনিগৰাকী প্ৰতিবাদকাৰী। অঞ্চলটোত চেপা উত্তেজনা অব্যাহত আছে। হাচান আলী নামৰ এগৰাকী আচামীৰ মৃত্যুক কেন্দ্ৰ কৰি বুধবাৰে পুৱাৰে পৰা হাজাৰ হাজাৰ লোক ওলাই আহে ৰাজ পথলৈ৷ ৰাজপথত টায়াৰ জ্বলাই ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি দোষী আৰক্ষী বিষয়াক উপযুক্ত শাস্তি দিয়াৰ দাবী উত্থাপন কৰিছিল৷

দৰং জিলাৰ ধূলা আৰক্ষীয়ে আটক কৰা এগৰাকী লোকৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি উত্তাল পৰিস্থিতিৰ সৃষ্টি হয়৷ মঙলবাৰে নিশা শ্ৰমিক হিচাপে কাম কৰা হাচান আলী নামৰ যুৱকজনে কাম কৰি ঘৰলৈ অহাৰ পিছতে আৰক্ষীয়ে আটক কৰিছিল৷ আৰক্ষীয়ে আটক কৰি বেয়াকৈ প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হয়৷ কেৱ ইমানে নহয় আৰক্ষীয়ে লোকজনক পানীত তিয়াই প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হয়৷ তাৰ পিছতে নিশাই যুৱকজনৰ মৃত্যু হোৱা বুলি প্ৰচাৰ হোৱাত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় ধূলা অঞ্চলত৷ প্ৰথমে লোকজনক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও পিছলৈ গুৱাহাটীলৈ আনি আইচিইউত ৰখা বুলি দাবী কৰে ৰাইজে৷

আনহাতে, হাচান আলী নামৰ যুৱক জনৰ প্ৰকৃততে কত’ আছে সেই কথা এতিয়াওঁ স্পষ্ট নহয় বুলি জানিব পৰাৰ লগতে মৃত্যু হোৱাৰ বাতৰিওঁ আৰক্ষীয়ে স্পষ্ট কৰা নাই৷ কিন্তু নিশাৰে পৰা উত্তেজনাই বিৰাজ কৰি থকা ধূলাত পুৱাই হাজাৰ হাজাৰ লোক ৰাজ পথলৈ ওলাই আহে৷ ৰাজ পথত টায়াৰ জ্বলাই পথ অৱৰোধ কৰাৰ লগতে ধূলা থনা ঘেৰাওঁ কৰে৷ আমছুৰ নেতৃত্বত হাজাৰ হাজাৰ লোকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি দোষী বিষয়াক শাস্তি দিয়াৰ দাবী জনায়। ৰাজ পথ অৱৰোধ, ধূলা থানা ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাত শ-শ যান-বাহন পথত ৰৈ থাকিব লগা হৈছিল৷