
বটদ্ৰৱাঃ নগাঁও জিলাৰ নতুন আৰক্ষী অধীক্ষক হিচাপে সোমবাৰে দায়িত্বভাৰ গ্ৰহণ কৰে ভাৰতীয় আৰক্ষী সেৱাৰ সুদক্ষ বিষয়া শংকৰ ৰায়মেধিয়ে৷ বিগত প্ৰায় দুটা বছৰে জিলাখনৰ আৰক্ষী অধীক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰা দেৱৰাজ উপাধ্যায়ে চৰকাৰে শেহতীয়া নিৰ্দেশ অনুসৰি অন্য ঠাইলৈ বদলি কৰাত নতুন আৰক্ষী অধীক্ষকগৰাকীয়ে সোমবাৰে দায়িত্ব চমজি লয় ৰায়মেধিয়ে৷
২০০৭ চনৰ ভাৰতীয় আৰক্ষী সেৱাৰ আইপিএছ গৰাকীয়ে বিগত সময়চোৱাত বিভিন্ন পদত ভিন ভিন স্থানত অতি কৰ্মকুশলতাৰে দায়িত্ব পালন কৰি নিজৰ যোগ্যতা প্ৰতিপন্ন কৰিবলৈ সক্ষম হৈ শেহতীয়াকৈ নগাঁৱৰ আৰক্ষী অধীক্ষক হিচাপে যোগদান কৰে৷ আইন শৃংখলাৰ ক্ষেত্ৰত জিলা খনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি ৰাইজে আশা প্ৰকাশ কৰে৷
নগাঁও জিলাৰ আৰক্ষী অধীক্ষক হিচাপে দায়িত্ব গ্ৰহণ কৰা আৰক্ষী বিষয়াগৰাকীৰ নেতৃত্বত নগাঁও আৰক্ষীয়ে নতুন গতি লাভ কৰাৰ লগতে জনসাধাৰণৰ কাষ চাপি বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ় দিবলৈ সক্ষম হ’ব বুলি নগঁঞা ৰাইজে আশা প্ৰকাশ কৰে৷ সুদক্ষ আৰক্ষী বিষয়া হিচাপে সুনাম থকা নৱ নিয়ুক্ত আৰক্ষী অধীক্ষক শংকৰ ৰায়মেধিক জিলাখনৰ বিভিন্ন দল, সংগঠন, ব্যক্তি বিশেষে জিলাখনলৈ আদৰণী জনাই৷ জিলাখনৰ ট্ৰেফিক ব্যৱস্থা উন্নত কৰাৰ আহ্বান জনাই ৰাইজে৷