ৰঙিয়া ৰাইজমেল কৃষক শ্বহীদ ভৱনৰ উৎসৱত মুক্তিযোদ্ধাক সম্বৰ্ধনা

ৰঙিয়াঃ নামনি অসমৰ ঐতিহ্যমণ্ডিত তথা কৃষক বিদ্ৰোহৰ স্মৃতি বিজড়িত অনুষ্ঠান ৰঙিয়া ৰাইজমেল কৃষক শ্বহীদ ভৱনৰ বছৰেকীয়া উৎসৱ দুদিনীয়া কাৰ্যসূচীৰে ৰঙিয়া ৰাইজমেল কৃষক শ্বহীদ ভৱনত অনুষ্ঠিত হৈ যায়। ৯ আৰু ১০ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা বছৰেকীয়া উৎসৱত পৰ্থম দিনা অৰ্থাৎ ৯ জানুৱাৰীত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়৷

বুধবাৰে দিনৰ ১১ বজাত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়৷ ৰাজ্যসভাৰ সাংসদ তথা ৰঙিয়া ৰাইজমেল কৃষক শ্বহীদ ভৱনৰ সভাপতি ভূৱনেশ্বৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সভাত ৰঙিয়াৰ তিনিগৰাকী জ্যেষ্ঠ নাগৰিক মুক্তিযোদ্ধা গৰ্গৰাম কলিতা, ৰঙিয়াৰ প্ৰাক্তন পৌৰপতি পৰশুৰাম চৌধাৰী আাৰু ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ পৰেশ দত্তক সম্বৰ্ধনা যাচে ৰঙিয়া ৰাইজমেল কৃষক শ্বহীদ ভৱন কৰ্তৃপক্ষই।

ৰঙিয়া ৰাইজমেল কৃষক শ্বহীদ ভৱনৰ সম্পাদক পবিন কলিতাই সভাৰ উদ্দেশ্য বাখ্যা কৰা সভাত মুক্তিযোদ্ধা কৃষ্ণ লহকৰ, পুঠিমাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ নিত্যানন্দ কলিতা, বড়ো সাহিত্য সভাৰ ৰমাকান্ত বসুমতাৰী, ৰঙিয়া মহাবিদ্যালৰ ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰৱক্তা ৰাণু চৌধৰী, ৰঙিয়া মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ গোলোক ভূঞা উপস্থিত থাকে। সভাত উপস্থিত থকা ব্যক্তিসকলে ৰঙিয়াৰ কৃষক বিদ্ৰোহৰ ওপৰত গুৰুত্বপুৰ্ণ বিষয় সমূহ উল্লেখ কৰি কৃষক বিদ্ৰোহ আন্দোলনত প্ৰাণ আহুতিদিয়া কৃষকসকলক সোঁৱৰণ কৰে৷